তুৰস্ক আৰু ৰাষ্ট্ৰসংঘৰ সৈতে আলোচনাত জেলেনস্কিৰ

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে খাদ্য শস্য ৰপ্তানিৰ ক্ষেত্ৰত তুৰস্ক আৰু ৰাষ্ট্ৰসংঘৰ সৈতে আলোচনাৰ আহ্বান জনাইছে। 

তেওঁ সোমবাৰে চুইডিছ প্ৰধানমন্ত্ৰী মাগদালেনা এণ্ডাৰছনৰ সৈতে এক যুটীয়া সংবাদমেলত বক্তব্য ৰাখিছিল। জেলেনস্কিয়ে কৈছিল যে আমাৰ বন্দৰএৰি যোৱা শস্যৰ নিৰাপত্তাৰ দায়িত্বত থকা প্ৰতিনিধিসকলে তুৰস্ক আৰু ৰাষ্ট্ৰসংঘৰ সৈতে আলোচনা অব্যাহত ৰাখিছে।

ইউক্ৰেইন হৈছে বিশ্বৰ অন্যতম আগশাৰীৰ খাদ্য শস্য ৰপ্তানিকৰ্তা। কিন্তু সাম্প্ৰতিক সময়ত, দেশখনে ৰাছিয়াৰ ওপৰত ইয়াৰ ৰপ্তানিমুখী জাহাজৰ চলাচলত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে মস্কোৱে কয় যে ই খাদ্যশস্যৰ পৰিবহন সীমিত কৰা নাই।

তুৰ্কীৰ এজন বিষয়াই সোমবাৰে কয় যে তেওঁলোকে কৃষ্ণ সাগৰৰ উপকূলৰ পৰা ৰাছিয়াৰ পতাকাযুক্ত মালবাহী জাহাজ এখন ৰখাইছিল। কিয়েভৰ দাবীৰ ওপৰত এটা তদন্ত কৰা হৈছে যে ইয়াত চুৰি হোৱা ইউক্ৰেনীয় খাদ্যশস্য আছে।

কিয়েভে ৰাছিয়াৰ ওপৰত ইউক্ৰেইনৰ গুদামৰ পৰা শস্য চুৰি কৰাৰো অভিযোগ উত্থাপন কৰিছে। এনে অভিযোগৰ ভিত্তিত তুৰ্কীয়ে শেহতীয়াকৈ এটা ৰাছিয়াৰ জাহাজ জব্দ কৰে যাক “ইউক্ৰেনীয় শস্য বাহক” হিচাপে আলোচনা কৰা হৈছে। 

Comments (0)
Add Comment