Daily Time Axom

এনকাউণ্টাৰঃ এইবাৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ চিলনী চোৰ

18

নিউজ ডেস্ক,৬ জুলাইঃ ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ কোকৰাঝাৰ আৰক্ষীয়ে গুলীয়ালে চিলনী চোৰক। গুলীবিদ্ধ চিলনী চোৰটোৰ নাম বিনয় দাস বুলি জানিব পৰা গৈছে।

বিনয় দাস বিহাৰৰ কাটিহাৰৰ কান্দা আৰক্ষী থানাৰ অন্তৰ্গত গেদাবাৰী গাঁৱৰ বাসিন্দা। যোৱা ২২ জুনত বিনয় দাসে কোকৰাঝাৰ এক্সিছ বেংকৰ সন্মুখৰ পৰা ঠিকাদাৰৰ পৰা লুটি নিছিল ৬ লাখ টকা।

গুৱাহাটী আৰু বৰ্ণিহাটৰ পৰাও টকা লুট কৰিছিল চিলনী চোৰটোৱে। বৰ্ণিহাটত সাধাৰণ জনতাই খেদি খেদি কৰায়ত্ব কৰিছিল চিলনী চোৰটোক।

চোৰটোক প্ৰথমে মেঘালয় আৰক্ষীৰ পৰা গুৱাহাটীৰ পাণবজাৰ আৰক্ষীয়ে লৈ আনে আৰু পাণবজাৰ আৰক্ষী থানাৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে কোকৰাঝাৰলৈ নিছিল।

বালাজান তিনিআলি-কাৰিগাঁও পথত সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা। লুটি নিয়া টকাৰ খালী বেগটো উদ্ধাৰ হৈছে বালাজান তিনিআলি পথত।

উল্লেখযোগ্য যে আৰক্ষী পৰিদৰ্শক আমিৰুল হুছেইনৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলোৱাৰ সময়তে বিনয় দাসলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী। ভৰিত গুলী লগা চোৰ বিনয় দাসক কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Comments are closed, but trackbacks and pingbacks are open.