আজি ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ জন্মদিন

নিউজ ডেস্ক, ৮ জুলাইঃ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰসকলৰ ভিতৰত অন্যতম সৌৰভ গাংগুলী। সৌৰভ গাংগুলীয়ে আজি অৰ্থাৎ ৮ জুলাইত ৫০ বছৰ অতিক্ৰম কৰিছে।

তেঁও বৰ্তমান ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণৰ (বি চি চি আই)ৰ সভাপতি।

ইয়াৰ পূৰ্বে তেওঁ ১৯৯২ চনৰ জানুৱাৰী মাহত ব্রিজবেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিষেক ঘটাই ১৫ বছৰলৈকে ভাৰতৰ সেৱা কৰিছিল৷ ১৯৯৬ চনত ইংলেণ্ডৰ বিৰুদ্ধে আইকনিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত  চেঞ্চুৰী অৰ্জন কৰি তেওঁৰ কেৰিয়াৰৰ আৰম্ভণি কৰিছিল। 

২০০৪ চনত সৌৰভৰ নেতৃত্বত ভাৰতীয় দলে পাকিস্তানত প্ৰথমবাৰৰ বাবে জয় লাভ কৰে। দলটোৱে ২-১ গ’লত জয়লাভ কৰি এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছিল।

২০২১ চনত তেওঁ ষ্টিভ ৱাউৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতক ২-১ গ’লৰ ব্যৱধানত অসাধাৰণ জয়ৰ দিশত আগুৱাই লৈ গৈছিল।   তেওঁ তেতিয়া প্ৰায় অজেয় আছিল। ইয়াৰ পিছতে তেওঁ ২০০৩ চনৰ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ অধিনায়কত্ব কৰে, য’ত জোহান্সবাৰ্গৰ ৱাণ্ডাৰাৰছ ষ্টেডিয়ামত মেন ইন ব্লু অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয়।

ইফালে পত্নী ডোনা গাংগুলী ,শচীন টেণ্ডুলকাৰ আৰু শচীন টেণ্ডুলকাৰ পত্নী অঞ্জলি টেণ্ডুলকাৰৰ সৈতে তেওঁ ৫০ সংখ্যক জন্মদিন উদযাপন কৰিছে লণ্ডনত ।জন্মদিনৰ পাৰ্টিত বি চি চি আইৰ সম্পাদক জয় শ্বাহৰ লগতে উপস্থিত থাকে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰাক্তন অধ্যক্ষ ৰাজীৱ শুক্লা ।

birthday partyDaily time axomIndiaLondonSachin TendulkarSaurav GangulySports