Daily Time Axom

জনসংখ্যা স্থিৰকৰণ পষেক উপলক্ষে কামৰূপ জিলাত উদ্বোধন কৰা হল ‘’সাৰথি বাহন’’ৰ

14

নিউজ ডেস্ক, ৮ জুলাইঃ বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি যোৱা ২৭ জুনৰ পৰা ১০ জুলাইলৈ আয়োজন কৰা ‘’জনসংখ্যা স্থিৰকৰণ পষেক’’ উপলক্ষে আজি ‘’সাৰথি’’ বাহন নামেৰে এখন বাহন কামৰূপ জিলাত উদ্বোধন কৰা হয়। কামৰূপ জিলাৰ সংহত উপায়ুক্তৰ কাৰ্যালয় চৌহদত এই বাহনখন উদ্বোধন কৰে জিলা অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামীয়ে।

উল্লেখ্য যে ‘’সাৰথি’’ বাহনৰ মুখ্য উদ্দেশ্য হল কামৰূপ জিলাৰ ১২টা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত বিভিন্ন অঞ্চল ভ্ৰমণ কৰি পৰিয়াল পৰিকল্পনাৰ ওপৰত সজাগতাৰ সৃষ্টি কৰাৰ লগতে পৰিয়াল পৰিকল্পনাৰ বিভিন্ন ব্যৱস্থাৰ সামগ্ৰী আদি ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা।

উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে কয় যে এনেধৰণৰ বাহনৰ যোগেদি কামৰূপ জিলাৰ অন্তৰ্গত ভিতৰুৱা অঞ্চল সমূহত পৰিয়াল পৰিকল্পনাৰ ওপৰত সজাগতা বৃদ্ধি কৰা তথা বিভিন্ন সুবিধা সমূহ ৰাইজক প্ৰদান কৰাত বিশেষ ভাৱে সহায়ক হব।

উল্লেখ্য যে জনসংখ্য স্থিৰকৰণ পষেকৰ লগত সংগতি ৰাখি ২৭ জুনৰ পৰা ১০ জুলাইলৈকে কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত সজাগতা মূলক সভা, গাঁও অঞ্চলত ‘’শাহু-বোৱাৰী সন্মিলন’’কে ধৰি বিভিন্ন সজাগতাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।

উদ্বোধনী অনুষ্ঠানত কামৰূপ জিলাৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ গোপা নাগ, জিলা আঁচনি প্ৰবন্ধক (ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান) স্মীতা শইকীয়াকে ধৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, কামৰূপৰ বিষয়া- কৰ্মচাৰী সকল উপস্থিত থাকে।

Comments are closed, but trackbacks and pingbacks are open.