বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ উন্নত হৈছে স্বাস্থ্য

নিউজ ডেস্ক, ৮ জুলাইঃ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ উন্নতি হৈছে। তেওঁৰ পুত্ৰ আৰু কন্যাই সামাজিক মাধ্যমৰ জৰিয়তে স্বাস্থ্য সম্পৰ্কীয় তথ্য শ্বেয়াৰ কৰে। শুকুৰবাৰে, মিছা ভাৰতীয়ে কয় যে এতিয়া প্ৰাক্তন মন্ত্ৰীজন বিচনাৰ পৰা উঠিবলৈ সক্ষম হৈছে। এই তথ্য দিয়াৰ লগতে তেঁওৰ কন্যা মিছাই প্ৰাক্তন মন্ত্ৰীগৰাকীৰ এখন ফটো শ্বেয়াৰ কৰে।

মিছাই টুইট কৰি কয়, আপোনালোক সকলোৰে প্ৰাৰ্থনা আৰু এইমছ দিল্লীৰ উন্নত চিকিৎসা সেৱাই লালু প্ৰসাদৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি কৰিছে।

লগতে মিছাই কয় যে, আপোনালোকৰ প্ৰাৰ্থনাৰ বাবে তেওঁৰ অৱস্থা এতিয়া বহুত ভাল। অনুগ্ৰহ কৰি উৰাবাতৰিৰ প্ৰতি মনোযোগ নিদিব।

তেঁওৰ পুত্ৰ তেজস্বীয়ে টুইট কৰি কয়, ” প্ৰাক্তন মন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্য নিৰন্তৰ উন্নতিৰ পথত আছে।সকলো শুভাকাংক্ষী, সমৰ্থক, কৰ্মী আৰু দেশবাসীক কোনো বিভ্ৰান্তিকৰ বাতৰিৰ দ্বাৰা নহ’বলৈ আহ্বান জনায়।”

BiharDaily time axomex cmhealthIndiaLALU PRASHAD YADAVNew DelhiPatna