চলিত মাহৰ ১ জুলাইৰ পৰা ৭ জুলাই তাৰিখলৈ পালত কৰি অহা ৭৩ সংখ্যক বন মহোৎসৱৰ লগত সংগতি ৰাখি আজি অন্তিম দিনৰ কাৰ্যসূচীত পুব কামৰূপ বন সংমণ্ডল আৰু গুৱাহাটী বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত তথা চন্দ্ৰপুৰ খণ্ড বন কাৰ্যালয়ৰ সহযোগত গুৱাহাটীৰ আমচং চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত বন মহোৎসৱৰ কাৰ্য্যসূচী অনুষ্ঠিত হৈ যায়। আজি ৭৩ তম বন মহোৎসৱ সপ্তাহৰ অন্তিম দিনটোত বন সজাগতা সৃষ্টিৰ বাবে বিদ্যালয় গৃহত এখন সভা অনুষ্ঠিত কৰি সভাৰ শেষত বিদ্যালয় চৌহদত ৩০ টা পুলি ৰোপণ কৰাৰ লগতে ৰাইজ আৰু শিক্ষাৰ্থীসকলক ৬০ টা পুলি বিতৰণ কৰি বনবিভাগৰ দ্বাৰা চলি থকা সপ্তাহজোৰা বৃক্ষৰোপণ অভিযান কাৰ্যসূচী সম্পন্ন কৰা হয়। আমচং চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীয়ে শুভাৰম্ভ কৰা আজিৰ সভা তথা বৃক্ষৰোপন অভিযান কাৰ্যসূচীত গুৱাহাটী বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱা , চন্দ্ৰপুৰ খণ্ড বন বিষয়া ধ্ৰুৱজ্যোতি শৰ্মা, বিদ্যালয়ৰ অন্যান্য সহকাৰী শিক্ষকৰ লগতে নাৰেংগী আৰু চন্দ্ৰপুৰ খণ্ড বন কাৰ্যালয়ৰ একাংশ কৰ্মচাৰী উপস্থিত আছিল বুলি জানিব পৰা গৈছে।