নিউজ ডেস্ক, ৯ জুলাইঃ মাৰ্কণ্ডেয় পুৰাণ খ্যাত চিৰ জাগ্ৰত শক্তিপীঠ শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়। উত্তৰ গুৱাহাটীৰ মনোৰম প্ৰাকৃতিক পৰিৱেশত সীতাচল পৰ্বতত অৱস্থিত গুপ্ত কামাখ্যা শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় পৰিচালনা সমিতিৰ সৌজন্যত অহা ১৮ জুলাই সোমবাৰে সম্পূৰ্ণ আধ্যাত্মিক পৰিবেশত বৈদিক পদ্ধতিৰে শ্ৰী শ্ৰী নাগপঞ্চমী পূজা উদযাপন কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা দেৱালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি অনিল দাস, দলৈ কল্যাণ ভট্টাচাৰ্য আৰু উপসভাপতি দ্বয় ইন্দ্ৰজিৎ বৰ্মন, প্ৰবোধ লেখাৰুৱে ১৮ জুলাইত হবলগীয়া এই মাঙ্গলিক অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচীতে ধৰ্মপ্ৰাণ ৰাইজৰ সক্ৰিয় যোগদান আৰু উপস্থিত কামনা কৰিছে ।