নিউজ ডেস্ক, ৯ জুলাইঃ এগৰাকী নাৰী, নাম তেওঁৰ ডায়েনা। বিশ্ব ইতিহাসত নিজৰ নাম লিখি যোৱা এইগৰাকী নাৰীক।
দ্বিতীয় বিশ্বযুদ্ধৰ শেষত হাজাৰ হাজাৰ শিশুৱে তেওঁক মা বুলি মাতিছিল । তেওঁলোকে জানিছিল যে এইগৰাকী মাতৃয়ে তেওঁলোকক জন্ম দিয়া নাছিল হয় কিন্তু তেওঁলোকক জীৱন দান কৰিছিল। তেওঁলোকৰ বাবে তেওঁ “দ্বিতীয় মাতৃ” আছিল। সেয়েহে এই প্ৰেমক ডায়েনা বুডিচাজেভিকে জীৱনত লাভ কৰা আটাইতকৈ ডাঙৰ পুৰস্কাৰ হিচাপে গন্য কৰিছিল।
কিন্তু এইখিনিতে প্ৰশ্ন হয়, কোন আছিল এই মহিলাগৰাকী ? আৰু তেওঁনো প্ৰকৃততে কি কৰিছিল? সচাঁ অৰ্থত ইয়াৰ উত্তৰ দ্বিতীয় বিশ্বযুদ্ধৰ সেই অভিশপ্ত দিনবোৰেহে দিব।
জাৰ্মানীয়ে ইটালী আৰু জাপানৰ সৈতে হাত মিলাই সমগ্ৰ বিশ্ব দখল কৰাৰ লক্ষ্য আছিল। সেই সময়ত আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়াৰ দৰে শক্তিশালী ৰাজ্যসমূহ আক্ৰমণ কৰা হৈছিল। পৰিনতিত , দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হৈছিল। কিন্তু ৰজাৰ মাজৰ যুঁজে সাধাৰণ লোকসকল চূৰ্ণ-বিচূৰ্ণ কৰি পেলাইছিল ।
যুদ্ধই আনকি সৰু ল’ৰা ছোৱালীবোৰকো এৰি দিয়া নাছিল। আৰু ডায়েনা নামৰ এই মহিলাগৰাকীয়ে এনে যুদ্ধবিধ্বস্ত শিশুসকলক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছিল। তেওঁ ক্ৰোৱেচিয়ান মহিলা আছিল ।
ছাৰ্বিয়া আৰু ক্ৰোৱেছিয়াৰ কিছু অংশৰে গঠিত ৰাজ্যখন তেতিয়া স্বাধীন আছিল, দৰাচলতে জাৰ্মানীৰ নাজী চৰকাৰে তাত একপ্ৰকাৰৰ শাসন চলাইছিল। সেয়েহে, বিশ্বযুদ্ধৰ সময়ত, যেতিয়া বহুতো অস্ত্ৰৰ প্ৰয়োজন হৈছিল, জাৰ্মানীয়ে অস্ত্ৰ কাৰখানাৰ পৰা শ্ৰমিক সংগ্ৰহ কৰিবলৈ এই দেশলৈ আহিছিল। নাজী বাহিনীয়ে ক্ৰোৱেছিয়াৰ পৰা স্বাস্থ্যৱান পুৰুষ আৰু মহিলাসকলক জাৰ্মানীলৈ বন্দী কৰি নিছিল । তেওঁলোকৰ সন্তানবোৰ ক্ৰোৱেছিয়াতে থাকি গৈছিল । তেওঁলোকৰ কিছুমানক বিশেষ ঘৰত ৰখাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু তেওঁলোকৰ অৱস্থা ইহুদী কনচেণ্ট্ৰেচন কেম্পৰ দৰেই ভয়ানক আছিল। ফলস্বৰূপে, শিশুসকল অসুস্থ হৈ পৰিছিল প্ৰায়ে । তেওঁলোকৰ কোনো চিকিৎসা সুবিধাও নাছিল। এই পৰিস্থিতিত ডায়েনাই এদিন ক্ৰোৱেছিয়াৰ সৰ্ববৃহৎ চহৰ জাগ্ৰেবৰ এখন চিকিৎসালয়ত প্ৰৱেশ কৰিছিল। তেওঁ শ শ অসুস্থ শিশুক চিকিৎসালয়ৰ মজিয়াত পৰি থকা দেখিছিল। তেওঁলোকৰ কিছুমানৰ আনকি মৃত্যুও হৈছিল। তেতিয়াই এগৰাকী চিকিৎসকৰ পত্নী ডায়েনাই সিদ্ধান্ত লৈছিল যে এই অনাথ শিশুসকলক বচাবলৈ যি লাগে তাকে তেওঁ কৰিব। পৰিনতিত তেওঁ সকলো শিশুৰে তেওঁ মা হৈ পৰিছিল আৰু বিশ্ব ইতিহাসৰ অমৰ চৰিত্ৰ হৈ পৰিছিল।