Daily Time Axom

দক্ষিণ আফ্ৰিকাৰ বাৰত গুলীচালনা, নিহত ১৫ জন লোক

18

নিউজ ডেস্ক,১০ জুনঃ ৰাইফল আৰু পিষ্টলৰে সজ্জিত বন্দুকধাৰীৰ এটা দলে দেওবাৰে পুৱতি নিশা দক্ষিণ আফ্ৰিকাৰ চৱেটো চহৰৰ এখন বাৰত বহি থকা লোকসকলৰ ওপৰত গুলীচালনা কৰে। এই গুলীচালনাত ১৫ জন নিহত হয় আৰু ৯ জন আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে কয় যে, বন্দুকধাৰীৰ দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু এতিয়া পলাতক অৱস্থাত আছে। লগতে আৰক্ষীয়ে কয় যে এই ঘটনাত কিমান জন লোক জড়িত আছিল সেয়া স্পষ্ট হোৱা নাই।

খবৰ অনুসৰি, চৱেটোৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ দক্ষিণ-পূবত পাইটাৰমাৰিটজবাৰ্গৰ এখন বাৰত সংঘটিত হোৱা গুলীচালনাত ৰাতিটোৰ ভিতৰতে চাৰিজন লোক নিহত হৈছিল।

দক্ষিণ আফ্ৰিকা হৈছে বিশ্বৰ আটাইতকৈ হিংসাত্মক দেশবোৰৰ ভিতৰত এখন য’ত প্ৰতি বছৰে ২০,০০০ লোকক হত্যা কৰা হয়।

Comments are closed, but trackbacks and pingbacks are open.