নিউজ ডেস্ক,১০ জুলাইঃ আজি পবিত্ৰ ঈদ–উল–জোহা। ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উছাহ দেখা গৈছে। সমগ্ৰ বিশ্বৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ–মালহেৰে উদযাপন কৰিছে ঈদ–উল–জোহা। ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা অনুসৰি পুৱাই সমূহীয়া ঈদৰ নামাজত অংশ ল’লে ইছলাম ধৰ্মাৱলম্বীসকলে।
ইছলাম ধৰ্মাৱলম্বীসকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম ঈদ-উল-জোহা। এই উৎসৱৰ আন দুটা নাম হ’ল বকৰ-ঈদ আৰু কোৰবাণী ঈদ। ঈদ-উল-জুহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ । এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা। এই দিনটোত মুছলমানসকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, ছাগলী কোৰবাণী দিয়ে ।
ঈদ উপলক্ষে আজি পুৱাই ঈদগাহসমূহত সমূহীয়া নামাজত অংশ লয় ইছলাম ধৰ্মাৱলম্বী লোকসকলে। ইজনে আনজনক জ্ঞাপন কৰিছে ঈদৰ হিয়াভৰা শুভেচ্ছা। লগতে “ডেইলী টাইম অসম”ৰ তৰফৰ পৰাও এই ঈদে প্ৰতিগৰাকী লোকলৈ কঢ়িয়াই আনক শান্তি, সমৃদ্ধি আৰু ভাতৃত্ববোধৰ বতৰা।