Daily Time Axom

পৃথিৱীলৈ আহি আছে আৱৰ্জনাৰ বেগ

24

নিউজ ডেস্ক,১০ জুনঃ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰই এক গুৰুত্বপূৰ্ণ আৱৰ্জনা ব্যৱস্থাপনা প্ৰযুক্তি পৰীক্ষাত প্ৰায় ৭৮ কিলোগ্ৰাম আৱৰ্জনা মুকলি কৰে।

বিশেষ মোনাটো নাছাৰ জনছন স্পেচ চেণ্টাৰ আৰু নেনোৰেকৰ দ্বাৰা বিকশিত কৰা হৈছে। ইয়াত লেতেৰা পোছাক, ফেন, পেকিং সামগ্ৰী, ব্যৱহৃত কাৰ্যালয়ৰ সামগ্ৰী আৰু পৰিচ্ছন্নতাৰ সামগ্ৰী আছে।

পৃথিৱীৰ বায়ুমণ্ডলত পুনৰ প্ৰৱেশ কৰোঁতে মোনাটো জ্বলি যাব। বেগটো ষ্টেচনৰ বাণিজ্যিক বিশপ এয়াৰলকৰ পৰা এৰি দিয়া হৈছে।

নেনোৰকছে এক বিবৃত্তিত কয় যে, “প্ৰযুক্তিটোৱে আইএছএছত থকা আৱৰ্জনা দূৰ কৰাৰ বাবে এক অধিক দক্ষ আৰু বহনক্ষম আৰ্হি প্ৰদৰ্শন কৰে আৰু লগতে ভৱিষ্যতৰ সকলো বাণিজ্যিক মহাকাশ কেন্দ্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ নতুন কাৰ্য আৰু উপযোগিতাৰ ওপৰত আলোকপাত কৰে”।

এতিয়ালৈকে, মহাকাশচাৰীসকলে মহাকাশ আস্থানত আৱৰ্জনা সংৰক্ষণ কৰি আছিল আৰু ইয়াক চিগনাছ কাৰ্গো বাহনত পৃথিৱীলৈ ঘূৰাই পঠিয়াইছিল বুলি জানিব পৰা গৈছে।

Comments are closed, but trackbacks and pingbacks are open.