নিউজ ডেস্ক, ১১ জুলাইঃ গোৱাত পুনৰ ধূলিস্যাৎ হোৱাৰ দিশে কংগ্ৰেছ । বিধানসভা নির্বাচনৰ মাত্ৰ ৫ মাহ পিছতে কংগ্ৰেছৰ ১১ বিধায়কৰ ৫গৰাকীয়ে এতিয়া দল সলনিৰ কুচকাৱাজ চলাইছে।
কংগ্ৰেছে এই ৫গৰাকী বিধায়কৰে যোগাযোগ স্থাপন কৰিব পৰা নাই বুলি জানিব পৰা গৈছে। কংগ্ৰেছে দুগৰাকী বিধায়ক ক্ৰমে গোৱা বিধানসভাৰ বিৰোধী দলৰ নেতা মাইকেল লোবো আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী দিগম্বৰ কামাতৰ বিৰুদ্ধে বিজেপিৰ মিত্ৰতাত দলটোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
কংগ্ৰেছেফালৰ জনোৱা মতে, দলৰ পাঁচজন বিধায়ক লোবো , কামত, কেদাৰ নায়েক, ৰাজেশ ফালদেশাই আৰু ডেলিয়ালা লোবোৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাই। আন পাঁচজন বিধায়ক, এলটন ডি কষ্টা, সংকল্প আমোনকাৰ, য়ুৰি আলেমাও, কাৰ্লোছ আলভাৰেছ ফেৰেৰা, ৰুডলফ ফাৰ্ণাণ্ডেজ তেওঁলোকৰ সৈতে আছে। ষষ্ঠ বিধায়ক এলেক্সো চিকেৰা দলৰ নেতাসকলৰ সৈতে সম্পৰ্কত আছে আৰু কংগ্ৰেছৰ সৈতে আছে।
এআইচিচি গোৱাৰ ভাৰপ্ৰাপ্ত বিষয়া দিনেশ গুণ্ডু ৰাৱে কয়- ”আমাৰ কেইজনমান নেতাই গোৱাত কংগ্ৰেছ দলক দুৰ্বল কৰিবলৈ আৰু দলত্যাগ কৰাৰ চেষ্টা কৰিবলৈ বিজেপিৰ সৈতে ষড়যন্ত্ৰ কৰিছিল। এই ষড়যন্ত্ৰৰ নেতৃত্ব দিছিল আমাৰ নিজৰ দুজন নেতা মাইকেল লোবো আৰু দিগম্বৰ কামাতে। তেওঁলোক দুয়োজনে বিজেপিৰ সৈতে একেলগে কাম কৰি আছিল।”