ডিমা হাচাউত চিকিৎসকসহ ৯জন কৰ্মচাৰীক নিলম্বন

নিউজ ডেস্ক, ১১ জুলাইঃ গৰ্ভৱতী মহিলাৰ চিকিৎসাত গাফিলতিৰ অভিযোগত খেপ্ৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসকসহ ৯ জনকৈ কৰ্মচাৰীক নিলম্বন কৰা হৈছে। স্বাস্থ্যকেন্দ্ৰটোৰ চিকিৎসকৰ বিৰুদ্ধে অনুপস্থিতিৰ দীৰ্ঘদিনীয়া অভিযোগ আছিল ৰাইজৰ।

শেহতীয়াকৈ এগৰাকী অন্তঃসত্ত্বা মহিলাক নিয়া হৈছিল স্বাস্থ্যকেন্দ্ৰটোলৈ। স্বাস্থ্যকেন্দ্ৰটো তলাবন্ধ হোৱাৰ বাবে যথেষ্ট বিপদৰ সন্মুখীন হয় অন্তঃসত্ত্বা মহিলাগৰাকী। ছ’চিয়েল মিডিয়াত ঘটনাৰ সবিশেষ আপলোড কৰাৰ পাছতে তৎপৰ হ’ল স্বাস্থ্য বিভাগ।

ডিমা হাচাওৰ যুটীয়া সচিব ডাঃ কল্পনা কেম্প্ৰাইৰ নিৰ্দেশত কৰ্তব্য পালনত হেমাহি কৰাসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। লগতে চিকিৎসালয়খনৰ চিকিৎসক, ফাৰ্মাচিষ্টসহ স্বাস্থ্যকেন্দ্ৰটোৰ সকলো কৰ্মচাৰীক নিলম্বন কৰা হৈছে।

AssamDaily time axomDima HasaodoctorsIndiaSuspended