নিউজ ডেস্ক, ১১ জুলাইঃ মহানগৰীত পুনৰ যুৱকৰ মৃতদেহ উদ্ধাৰ। মহানগৰীৰ হেঙেৰাবাৰীৰ সাৰথি পথত উদ্ধাৰ কৰা হৈছে এজন যুৱকৰ মৃতদেহ। ভাড়াঘৰৰ শোৱনি কোঠাৰ ভিতৰত গলিত অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহটো দীপাংকৰ শইকীয়া নামৰ ২৮ বছৰীয়া এজন যুৱকৰ বুলি জানিব পৰা গৈছে ।
প্ৰাথমিক তদন্তত এয়া আত্মহত্যাৰ ঘটনা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। মহানগৰীৰ কোনো এখন পাৰ্লাৰত কাম কৰিছিল যুৱকজনে। মৃত যুৱকজনৰ ঘৰ লখিমপুৰত।