Daily Time Axom

চকু সৰু হোৱাৰ বহুত সুবিধা আছে, সৰু চকুৰে বেয়াবোৰ কমকৈ দেখে- টেমজেন এমনা এলং

18

নিউজ ডেস্ক, ১১ জুলাইঃ ছ’চিয়েল মিডিয়াত ভাইৰেল নাগালেণ্ডৰ মন্ত্ৰী টেমজেন এমনা এলং। ‘সৰু চকু’ৰ লাভালাভক লৈ কৰা হাস্যকৰ মন্তব্যৰ পিছতেই ভাইৰেল হৈ পৰিছে মন্ত্ৰীগৰাকী। মন্ত্ৰীগৰাকীয়ে কয় যে, ‘সৰু চকু হোৱাৰ বহুত সুবিধা আছে। মোৰ চকু সৰু হোৱাৰ বাবে বেয়াবোৰ কমকৈ প্ৰৱেশ কৰে। মঞ্চত কিছু দীঘলীয়া কাৰ্যসূচী চলিলে মই সহজে শুবও পাৰো।’

উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ চকু সৰু হোৱাৰ বাবে বহিঃৰাজ্যত সৃষ্টি হোৱা বৈষম্যৰ বিপৰীতে কৰা এই মন্তব্যক প্ৰশংসাৰে উপচাই পেলাইছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে। লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইয়ো শ্বেয়াৰ কৰিলে ভিডিঅ’।

Comments are closed, but trackbacks and pingbacks are open.