নিউজ ডেস্ক, ১২ জুলাইঃ চৰাইদেউ জিলাৰ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শৈক্ষিক অনুষ্ঠান শিক্ষাজ্যোতিৰ উদ্যোগত শিক্ষাবিদ ৰোহিনী কুমাৰ গগৈ সোঁৱৰণী বঁটা প্ৰদান আৰু সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷
এই উদ্দেশ্যে আজি অনুষ্ঠিত অনুষ্ঠানটিত সভাপতিত্ব কৰে শিক্ষাজ্যোতিৰ সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষক সুভাষ গগৈয়ে ৷ অনুষ্ঠানৰ আঁত ধৰে শিক্ষাজ্যোতিৰ সম্পাদক, শিক্ষক হেমন্ত চুতীয়াই ৷ আৰ্থিকভাৱে দূৰ্বল মেধাৱী ছাত্ৰ-ছাত্ৰীক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে ২০১৬ বৰ্ষত গঠিত শৈক্ষিক স্বেচ্চাসেৱী অনুষ্ঠান শিক্ষাজ্যোতিয়ে প্ৰতিবছৰে বৃহত্তৰ মৰাণ অঞ্চলৰ বহুসংখ্যক মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক শৈক্ষিক বৃত্তি আগবঢ়াই আহিছে ৷
লগতে শিক্ষাবিদ, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰোহিনী কুমাৰ গগৈৰ সোঁৱৰণত শৈক্ষিক বঁটা প্ৰদান কৰি আহিছে ৷ এই উদ্দেশ্যে অনুষ্ঠানটোৱে এইবাৰো বৃহত্তৰ মৰাণ অঞ্চলৰ মুঠ ৬ গৰাকী ছাত্ৰ-ছাত্ৰী নিৰ্বাচন কৰি আজি শৈক্ষিক বৃত্তি প্ৰদান কৰে ৷
এইবাৰ ৰোহিনী কুমাৰ গগৈ সোঁৱৰণী শৈক্ষিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক কলা শাখাত ৮৭ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা দীপ গগৈয়ে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি শিক্ষাজ্যোতিৰ তিনিগৰাকী জেষ্ঠ সদস্য ক্ৰমে মুক্তিনাথ সোনোৱাল, সুভাষ গগৈ আৰু ৰজনী বুঢ়াগোহাঁইকো সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷