Daily Time Axom

অসমৰ পৰিৱৰ্তে পাকিস্তান অভিমুখী ৰে’লত উঠি পাকিস্তান পালেগৈ সোণাৰিৰ এজন ব্যক্তি

15

নিউজ ডেস্ক, ১২ জুলাইঃ ভুলবশতঃ পাকিস্তান পালেগৈ সোণাৰিৰ এজন ব্যক্তি। অসম অভিমুখী ৰে’লৰ পৰিৱৰ্তে ভুলতে উঠিল পাকিস্তানী অভিমুখী ৰে’লত। ৰে’ল ষ্টেচনতে থাকি যায় পৰিচয় পত্ৰ, আধাৰ কাৰ্ডৰ বেগটো।

ব্যক্তিগৰাকী হৈছে চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেলেংগাঁওস্থিত মনোজ ওজা।

এমাহৰ অন্তত ৭ জুলাই তাৰিখে তেখেতে ঘৰলৈ বুলি ৰাওনা হোৱাৰ উদ্দেশ্যে জয়পুৰ ৰেল ষ্টেচনত উপস্থিত হয়।

পৰৱৰ্তী সময়ত জয়পুৰ ৰেল ষ্টেচন কৰ্তৃপক্ষই উদ্ধাৰ কৰে মনোজ ওজাৰ বেগটো।

বেগটোত থকা আধাৰ কাৰ্ডৰপৰা ফোন নম্বৰ সংগ্ৰহ কৰি ঘৰৰ লগত যোগাযোগ কৰাত ঘটনা সন্দৰ্ভত জানিব পাৰে পৰিয়ালৰ লোকসকলে।

ইয়াৰ পাছতেই যোৱা ৮ জুলাইত মনোজে আন এজন লোকৰ মোবাইল ফোনৰপৰা ঘৰলৈ ফোন কৰি তেখেত পাকিস্তান সীমান্তত থকা বুলি জানিবলৈ দিয়ে আৰু তেখেতক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায়।

Comments are closed, but trackbacks and pingbacks are open.