ৰাজ্যত ভয়াৱহ গতিত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিজ

নিউজ ডেস্ক, ১২ জুলাইঃ বানৰ সংহাৰৰ পিছতেই ৰাজ্যত ভয়াৱহ গতিত বৃদ্ধি পাইছে মাৰাত্মক জাপানীজ এনকেফেলাইটিজ ৰোগ। ৰাজ্যত সোমবাৰে এই ৰোগত প্ৰায় ১২জন লোক নতুনকৈ আক্ৰান্ত হয় আৰু দুজন লোকৰ এই ৰোগত মৃত্যু হয়।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে (এনএইচএম) এক বিবৃতিত কয় যে, জুলাইমাহতে অসমত প্ৰায় ৯৮ জন লোক আক্ৰান্ত হৈছে।

নতুন ১২ জন ৰোগীৰ ভিতৰত তিনিজন মৰিগাঁও জিলাৰ পৰা, দুজনকৈ কৰিমগঞ্জ, নগাঁও আৰু শোণিতপুৰ জিলাৰ পৰা আৰু এজনকৈ চিৰাং, দৰং আৰু তিনিচুকীয়া জিলাত আক্ৰান্ত হৈছে ।

অৱশ্যে, মেলেৰিয়াত ভূগি প্ৰতি বছৰে অসমত বহুলোকৰ মৃত্যু হয়। বিশেষকৈ বাৰিষা ঋতুত যি সাধাৰণতে মে মাহত আৰম্ভ হয় আৰু অক্টোবৰলৈকে বিস্তৃত হয়।

বিগত বছৰতো উত্তৰ-পূবত জাপানীজ এনকেফেলাইটিছৰ ফলত কমেও ৪০ জন লোকৰ মৃত্যু হৈছিল।

AssamDaily time axomhealthJapanese encephalitisNorthEast