নিউজ ডেস্ক, ১২ জুলাইঃ অৰ্থনৈতিক মন্দাৱস্থাই অস্থিৰ কৰি পেলোৱা শ্ৰীলংকাত এতিয়া ৰাজনৈতিক কল্পনা-জল্পনা ।কোন হ’ব পৰৰ্ৱতী ৰাষ্ট্ৰপতি ? দেশখনৰ অস্থিৰতাৰ মাজতে ২০ জুলাইত দেশখনৰ ৰাষ্ট্ৰপতি পদৰ বাবে হ’ব নিৰ্বাচন। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৮ জুলাই। ১৩ জুলাইত বৰ্তমানৰ ৰাষ্ট্ৰপতি গোটবায়া ৰাজাপাক্ষেই কৰিব পদত্যাগ। দেশখনৰ সংসদৰ অধ্যক্ষ মহিন্দা আৱেয়ৱৰ্ধনেই সদৰী কৰিলে এই তথ্য।
সম্পূৰ্ণৰূপে আৰ্থিক সংকটত পৰা আৰু কোনো নেতা নোহোৱাকৈ ৰাজনৈতিক সংকটত লিপ্ত শ্ৰীলংকাই ২০ জুলাইত সংসদৰ পৰা নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰাৰ সিদ্ধান্ত লৈছে।
অধ্যক্ষ মহিন্দা য়াপা আবেৱাৰ্দানাই ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই তেওঁক আনুষ্ঠানিকভাৱে পদত্যাগৰ কথা জনোৱাৰ পিছত ঘোষণা কৰে যে তেওঁ প্ৰতিশ্ৰুতি দিয়া অনুসৰি ১৩ জুলাইত পদত্যাগ কৰিব।
অধ্যক্ষই চৰকাৰ আৰু বিৰোধী দুয়োপক্ষৰ ৩৫ জনতকৈও অধিক ৰাজনৈতিক দলৰ নেতাক সৰ্বদলীয় চৰকাৰ নিযুক্তিৰ পৰৱৰ্তী পদক্ষেপৰ সিদ্ধান্ত ল’বলৈ মাতি পঠিয়ায়। প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহেও বৈঠকত উপস্থিত থাকে।