নিউজ ডেস্ক, ১২ জুলাইঃ টোলগেটত বাক-বিতণ্ডাৰ ফলতেই গ্ৰেট খালীয়ে চৰিয়ালে এজন লোকক। ইয়াৰপিছতেই এটা ভিডিঅ’ ক্লিপ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
ঘটনাটোৰ ভিডিঅ’ ইতিমধ্যে টুইটাৰ, ফেচবুক আৰু অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈছিল। এজন টোল কৰ্মীয়ে প্ৰখ্যাত ডব্লিউ ডব্লিউই খেলুৱৈজনক পৰিচয় প্ৰমাণ দাবী কৰাৰ পিছত তেওঁক চৰ মাৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।
পাঞ্জাৱৰ এটা টোল গেটত এই ঘটনা সংঘটিত হয়। এতিয়ালৈকে এই বিষয়টোত কোনোধৰণৰ অভিযোগ পঞ্জীয়ন কৰা হোৱা নাই, লুধিয়ানা আৰক্ষীয়ে কয়।
ভিডিঅ’টোত দেখা গৈছে যে, টোল গেটৰ কৰ্মীসকলক তেওঁৰ বাহনখন ঘেৰি ধৰা আৰু খেলুৱৈজনৰ সৈতে তৰ্ক কৰা দেখা গৈছিল। খালিৰ মতে, ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেওঁ জলন্ধৰৰ পৰা কৰ্ণাললৈ যাত্ৰা কৰি আছিল।
তেওঁ অভিযোগ কৰিছে যে টোল কৰ্মীসকলে তেওঁৰ সৈতে এখন ফটো তুলিব বিচাৰিছিল কিন্তু তেওঁ অস্বীকাৰ কৰিছিল। লাদোৱাল টোল প্লাজাৰ টোল কৰ্মীসকলক অস্বীকাৰ কৰাৰ পিছত তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ কৰা আৰম্ভ কৰে।