শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে মালদ্বীপলৈ পলাই যোৱাৰ পিছত দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। এএফপিয়ে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰিছে।
ইয়াৰ পূৰ্বে যোৱা নিশা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে এখন সামৰিক বিমানেৰে মালদ্বীপলৈ পলাই যায়।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মতে, ৰাষ্ট্ৰপতি বাহিৰত থকাৰ বাবে দেশৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ মুখপাত্ৰ দিনোক কলম্বোজে এএফপিক এই তথ্য নিশ্চিত কৰিছে।