Daily Time Axom

খৈৰাবাৰী সাহিত্য সভাৰ কাৰ্যালয়ৰ দ্বাৰ উন্মোচন

0 9

অসম সাহিত্য সভাৰ অন্যতম বিশেষ শাখা খৈৰাবাৰী সাহিত্য সাহিত্য সভাৰ সদস্যৰ বৰঙণিৰে বাঁহ আৰু টিনৰে নিৰ্মান কৰা খৈৰাবাৰী সাহিত্য সভাৰ কাৰ্যালয় গৃহটি বুধবাৰে আনুষ্ঠানিকভাৱে এক মাংগলিক সূচীৰে কাৰ্যালয় দ্বাৰ উদঘাটন কৰা হয় ৷ শুভ উদঘাটন কৰে খৈৰাবাৰী সাহিত্য সভাৰ উপ সভাপতি সুৰেন্দ্ৰ মোহন ৰাভাই ৷
ইয়াৰ পূৰ্বে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি ফজলুল হক চৌধুৰীয়ে ৷ খৈৰাবাৰী সাহিত্য সভাৰ সভাপতি ফজলুল হক চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট সাহিত্যিক নাট্যকাৰ পুনুৰাম কলিতাৰ এখন গ্ৰন্থ উন্মোচন কৰে খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক ড° দীপক চৌধুৰীয়ে ৷
গাম্ভীৰ্যপুৰ্ণ সভাত ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক ড° পৱিত্ৰ কুমাৰ শৰ্মা,
অসম সাহিত্য সভাৰ আজীৱন সভ্য সদস্য বিষ্ণু প্ৰিয়ম ৰাভা আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলে ৷৷

খৈৰাবাৰীৰ পৰা সূদশন কলিতা ৷

Leave A Reply

Your email address will not be published.