Daily Time Axom

৬০০ আইইডি, ৫০০ ডিটোনেটৰ! বিহাৰত ‘কোব্ৰা’ৰ মাওবাদীৰ অস্ত্ৰাগাৰ উদ্ধাৰ

0 13

চিআৰপিএফৰ ‘কোব্ৰা’ কমাণ্ডো বাহিনীয়ে বিহাৰত বৃহৎ পৰিমাণৰ কাৰ্ট্ৰিজ, বিস্ফোৰক আৰু নিষিদ্ধ মাওবাদী সংগঠনৰ অস্ত্ৰ উদ্ধাৰ কৰিছে। সংবাদ সংস্থা এএনআইয়ে জনাইছে যে বুধবাৰে গয়া আৰু ঔৰঙ্গাবাদ জিলাৰ সীমান্তৱৰ্তী বনাঞ্চলত তালাচী অভিযানৰ সময়ত অস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হয়।

উদ্ধাৰ হোৱা অস্ত্ৰ আৰু বিস্ফোৰকৰ ভিতৰত আছে এটা একে চিৰিজ ৰাইফল, ৩০০ ৰাউণ্ডতকৈও অধিক গুলী, দেশত নিৰ্মিত বন্দুক, ৬৫ টা প্ৰেচাৰ বোমা, ৪৪৬ টা ‘চিৰিজ আইইডি’ (ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ), ১০১ টা কুটো বোমা (কেন আইইডি) আৰু ৪৯৫ টা ডিটোনেটৰ।

বিহাৰ আৰক্ষীয়ে কয় যে উদ্ধাৰ হোৱা অস্ত্ৰ আৰু বিস্ফোৰকবোৰ নিষিদ্ধ চিপিআই (মাওবাদী) গোটৰ সশস্ত্ৰ শাখা পিপলছ লিবাৰেচন গেৰিলা আৰ্মী (পিএলজিএ)ৰ আছিল। ঔৰঙ্গাবাদৰ আৰক্ষী অধীক্ষক কান্তেশ কুমাৰ মিশ্ৰাই কৈছিল যে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত দক্ষিণ বিহাৰৰ বনাঞ্চলত অভিযান চলোৱা হয়। কোব্ৰা কমাণ্ডোসকলক বিহাৰ আৰক্ষীৰ দ্বাৰা সহায় কৰা হয়।

Leave A Reply

Your email address will not be published.