Daily Time Axom

কাৰাবন্দী বৰ্ষাশ্ৰীক কিছু সকাহ, পৰীক্ষা দিব পাৰিব বৰ্ষাশ্ৰীয়ে

16

নিউজ ডেস্ক, ১৪ জুলাইঃবৃহস্পতি বাৰে গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতে কিছু সকাহ দিলে সামাজিক মাধ্যমত কবিতা লিখি বন্দী হৈ থকা বৰ্ষাশ্ৰীক ।

পৰীক্ষা দিব পাৰিব কাৰাবন্দী বৰ্ষাশ্ৰীয়ে । কিন্তু কটকটীয়া নিৰাপত্তাৰ মাজেৰে দিব লাগিব পৰীক্ষা ।

সামাজিক মাধ্যমত কবিতা লিখি প্ৰায় ৫৭ দিন কাৰাৰুদ্ধ হৈ আছে টীয়কৰ বৰ্ষাশ্ৰী ।

বুধবাৰে সংবাদমাধ্যমৰ জৰিয়তে পিতৃ-মাতৃয়ে মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছিল । যিহেতুকে যোৰহাটৰ DCB কলেজৰ ছাত্ৰী গৰাকীৰ ১৬ জুলাইৰ পৰা দ্বিতীয় সাত্মাসিকৰ পৰীক্ষা অনুষ্ঠিত হ’ব । তাৰ বাবে চিন্তিত হৈ পৰিছিল পিতৃ মাতৃ ।

Comments are closed, but trackbacks and pingbacks are open.