নিউজ ডেস্ক, ১৪ জুলাইঃ দেশত ক’ভিডৰ চতুৰ্থ ঢৌয়ে ভয়াৱহ গতিত বৃদ্ধি পাইছে। তৃতীয় ঢৌ নিয়ন্ত্ৰণলৈ অহাৰ পিছতেই জুন মাহৰ পৰা পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।
পুনৰ দৈনিক সংক্ৰমণে ২০ হাজাৰৰ সীমা অতিক্ৰম কৰিছে ক’ভিডে। একে সময়তে সংক্ৰমণৰ হাৰ আৰু মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে, আতংকৰ পৰিৱেশৰ প্ৰতি মানুহ সচেতন নহ’লে পৰিস্থিতি অধিক জটিল হ’ব পাৰে।
বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত ২০ হাজাৰ ১৩৯ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। বৰ্তমান দেশত কৰ’নাত পজিটিভৰ সংখ্যা হৈছে ১ লাখ ৩৬ হাজাৰ ৪৩ জন। যিটো বুধবাৰৰ তুলনাত ৩ হাজাৰ ৬১৯ বেছি। দেশত পজিটিভ ৰোগীৰ হাৰ বৃদ্ধি পাই ০.৩১ শতাংশলৈ বৃদ্ধি পাইছে। কেৰেলা, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, বংগ আদি ৰাজ্যসমূহৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত হৈছে। বৰ্তমান সময়ত দেশত দৈনিক কৰ’না সংক্ৰমণৰ হাৰ ৫.১০ শতাংশ।
যোৱা ২৪ ঘণ্টাত ১৮ হাজাৰ ৪৮২ গৰাকী লোক সুস্থ হৈ উঠিছে কৰ’নাত। বৰ্তমান দেশত আৰোগ্যৰ হাৰ ৯৭.৪৯ শতাংশলৈ হ্ৰাস পাইছে। বুধবাৰে কেন্দ্ৰই ঘোষণা কৰে যে ১৫ জুলাইৰ পৰা দেশত বিনামূলীয়াকৈ ক’ৰোনা বুষ্টাৰ ড’জ প্ৰৱৰ্তন কৰা হ’ব। ১৮ বছৰৰ ওপৰৰ প্ৰতিজন ব্যক্তিয়ে বিনামূলীয়াকৈ বুষ্টাৰ ড’জ লাভ কৰিব।