আপুনি জানে নে কোন সময়ত পুৰুষ আৰু মহিলাৰ বাবে ব্যায়াম কৰাৰ উত্তম সময়? চাওক সবিশেষ
নিউজ ডেস্ক, ১৪ জুলাইঃ আমি জানো যে, যিমানেই নহওক কিয়, সুস্থতাৰ বাবে ব্যায়াম গুৰুত্বপূৰ্ণ। কিন্তু মহিলা আৰু পুৰুষৰ বাবে সৰ্বাধিক সুবিধা লাভ কৰাৰ সময় বেলেগ হ’ব পাৰে।
সেই কথা আমেৰিকাৰ এক নতুন অধ্যয়নত প্ৰকাশ পাইছে। সেই অধ্যয়নৰ ফলাফল Frontiers in Physiology ত প্ৰকাশ পাইছে।
অধ্যয়নৰ ফলাফল অনুসৰি মহিলাসকলে ব্যায়াম কৰাৰ উপযুক্ত সময় ৰাতিপুৱা। এই সময়ত ব্যায়াম কৰিলে তেওঁলোকৰ পেটৰ চৰ্বি কমি যায়। আনহাতে পুৰুষৰ ক্ষেত্ৰত দুপৰীয়া সময়টোৱেই আটাইতকৈ উপযুক্ত সময়।
গৱেষকসকলে কয় যে উভয় লিংগৰ মানুহৰ হৰম’ন, জৈৱিক চক্ৰ, টোপনিৰ চক্ৰ আৰু জাগৰণ চক্ৰৰ পাৰ্থক্যই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
সক্ৰিয় আৰু সুস্বাস্থ্য থকা ৩০ জন পুৰুষ আৰু ২৬ গৰাকী মহিলাৰ ওপৰত এই গৱেষণা কৰা হৈছে। তেওঁলোকৰ বয়স ২৫-৫৫ বছৰৰ ভিতৰত। তেওঁলোকৰ ফিটনেছ প্ৰগ্ৰেম – ষ্ট্ৰেচিং, স্প্ৰিং, ৰেজিষ্টেন্স এণ্ড এণ্ডুৰেন্স ট্ৰেইনিং – ১২ সপ্তাহ ধৰি নিৰীক্ষণ কৰা হৈছে।
এই অধ্যয়নৰ সময়ত গৱেষকসকলে সকলোৰে ৰক্তচাপ, শৰীৰৰ চৰ্বি, লগতে তেওঁলোকৰ নমনীয়তা, শক্তি, পেশীসমূহে আৰম্ভণি আৰু শেষত অক্সিজেন ব্যৱহাৰ কৰি শক্তি উৎপাদন কৰাৰ ক্ষমতা আদি পৰীক্ষা কৰিছিল।
নিউয়ৰ্কৰ স্কিডম’ৰ কলেজৰ মুখ্য গৱেষণা লেখক তথা স্বাস্থ্য আৰু মানৱ শৰীৰবিজ্ঞানৰ অধ্যাপক ডাঃ পল আৰ্চেৰিঅ’ই কয় যে, ‘ব্যায়াম কৰাৰ আটাইতকৈ উত্তম সময় হ’ল যেতিয়া আপুনি ইয়াক কৰিব পাৰে আৰু আপোনাৰ সময়সূচী অনুসৰি ইয়াক সামঞ্জস্য কৰিব পাৰে।
ডাঃ আৰ্চেৰিঅ’ই কয় যে গৱেষণাৰ পৰা দেখা গৈছে যে যিসকল মহিলাই শৰীৰৰ চৰ্বি কমাবলৈ আৰু ৰক্তচাপ কমাবলৈ আগ্ৰহী তেওঁলোকে ৰাতিপুৱা ব্যায়াম কৰাটো আটাইতকৈ উপকাৰী বুলি বিবেচনা কৰে।
অৱশ্যে ড. আৰ্চেৰিয়ে কয় যে হৃদযন্ত্ৰ আৰু বিপাকীয় স্বাস্থ্যৰ লগতে মানসিক সুস্থতা উন্নত কৰাৰ বাবে আগ্ৰহী পুৰুষসকলৰ বাবে ব্যায়াম কৰাৰ আদৰ্শ সময় হ’ল দুপৰীয়া।
গৱেষকসকলে কয় যে মহিলাসকলে ৰাতিপুৱা শৰীৰৰ চৰ্বি অধিক জ্বলাব পাৰে। কাৰণ তেওঁলোকৰ পেটত অতিৰিক্ত চৰ্বি থকাৰ সম্ভাৱনা বেছি। শৰীৰৰ আভ্যন্তৰীণ ছন্দো এটা কাৰক হ’ব পাৰে।
Comments are closed, but trackbacks and pingbacks are open.