নিউজ ডেস্ক,১৪ জুলাই : অপৰিৱৰ্তীত অৰ্থনৈতিক সংকট আৰু গণ প্ৰতিবাদৰ মাজতে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই দেশ এৰি মালদ্বীপত আশ্ৰয় লয়। কিন্তু নিৰাপত্তাৰ বাবে দেশ এৰিলেও মালদ্বীপতো তেঁও নিশ্চিত নাছিল।
সেয়েহে ৰজাপাক্ষেই দক্ষিণ এছিয়াৰ এই দ্বীপটোৰ পৰা ছিংগাপুৰলৈ ৰাওনা হৈছে। এই তথ্য ভাৰতীয় সংবাদ সংস্থা এ এন আইয়ে বৃহস্পতিবাৰে শ্ৰীলংকাৰ সংবাদ মাধ্যমৰ এক প্ৰতিবেদনত প্ৰকাশ কৰিছে।
শ্ৰীলংকাৰ সংবাদ মাধ্যম ডেইলী মিৰ’ৰে প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষে মালদ্বীপত আছে আৰু দেশখনৰ ৰাজধানী মালেৰ পৰা ছিংগাপুৰ এয়াৰলাইন্সৰ নিৰ্ধাৰিত বিমানত এতিয়াও ছিংগাপুৰলৈ ৰাওনা হোৱা নাই। অৱশ্যে বুধবাৰে নিশাই তেওঁ ছিংগাপুৰলৈ যাত্ৰা কৰাৰ কথা আছিল।
কেইবাটাও সূত্ৰৰ উদ্ধৃতি দি ডেইলী মিৰৰে লগতে প্ৰকাশ কৰিছে যে বুধবাৰে ৰাতি মালেৰ পৰা SK437 বিমানেৰে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষে, তেওঁৰ পত্নী যোমা ৰাজাপাক্ষে আৰু দুজন নিৰাপত্তা বিষয়া ছিংগাপুৰলৈ যাত্ৰা কৰাৰ কথা আছিল। কিন্তু নিৰাপত্তাজনিত চিন্তাৰ বাবে তেওঁলোকে বিমানত উঠা নাছিল।
আনহাতে, মালদ্বীপৰ প্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি, পৰিস্থিতি বিবেচনা কৰি ৰাষ্ট্ৰপতি ৰাজাপাক্ষক মালেৰ পৰা ছিংগাপুৰত উপস্থিত হ’বলৈ ব্যক্তিগত বিমানৰ ব্যৱস্থা কৰাৰ বিষয়টো এতিয়া চৰ্চা চলি আছে।
দেশৰ স্থানীয় সংবাদ মাধ্যমে মালদ্বীপৰ ভেলানা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা সামৰিক বিমানেৰে অহা ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ আগমন আৰু প্ৰস্থানৰ ভিডিঅ’ প্ৰকাশ কৰিছে।
ইফালে, শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰাণীল উইক্ৰেমসিংহে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই দেশ এৰি পলায়ন কৰাৰ কিছু ঘণ্টাৰ ভিতৰতে তেওঁ জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।
২০ জুলাইত শ্ৰীলংকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ব। নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত নোহোৱা পৰ্যন্ত ৰাজাপাক্ষৰ পদত্যাগ কৰাৰ পিছত বুধবাৰে প্ৰধানমন্ত্ৰী ৰাণীল উইক্ৰেমসিংহে অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব।