ইন্দিৰা গান্ধী ৰূপত কংগনা ৰানাৱত, ইমাৰজেঞ্চী নামৰ ছবিত ইন্দিৰা গান্ধীৰ চৰিত্ৰত কংগনা

নিউজ ডেস্ক, ১৪ জুলাইঃ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে তেওঁৰ আহিবলগীয়া ছবি ইমাৰজেঞ্চী ছবিখন প্ৰয়াত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে। ইনষ্টাগ্ৰামত শাৰী পিন্ধা আৰু হাতত চশমা ধৰি থকা এখন ফটো শ্বেয়াৰ কৰিছে কংগনাই। ফটোখন শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছিল, “#EmergencyFirstLook।

এই ছবিখনৰ বিষয়ে অভিনেত্ৰীগৰাকীয়ে কৈছে যে, ইমাৰজেঞ্চী এক ৰাজনৈতিক ছবি, ই ইন্দিৰা গান্ধীৰ জীৱনীমূলক ছবি নহয়। “এয়া ইন্দিৰা গান্ধীৰ জীৱনীমূলক ছবি নহয়। এইখন এখন বিশাল সময়ৰ চলচ্চিত্ৰ। সঠিকভাৱে ক’বলৈ গ’লে, এইখন এখন ৰাজনৈতিক ছবিতযি মোৰ প্ৰজন্মক বৰ্তমানৰ ভাৰতৰ সামাজিক-ৰাজনৈতিক দৃশ্যপট বুজাত সহায় কৰিব,”।

অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে সামাজিক মাধ্যমত তেওঁৰ চলচ্চিত্ৰখনৰ বিষয়ে আপডেট শ্বেয়াৰ কৰিছে। কংগনাই অস্কাৰ আৰু বাফটা বিজয়ী মেকআপ শিল্পী ডেভিদ মালিনোৱস্কিৰ সৈতেও পৰিচয় কৰায়, যিয়ে তেওঁক তেওঁৰ চৰিত্ৰলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে।

bollywoodDaily time axomEntertainmentIndiaKangana Ranaut