সাংসদসকলে ক’ব নোৱাৰিব শকুনি, নৈৰাজ্যবাদী…. কিন্তু কিয়?
নিউজ ডেস্ক, ১৪ জুলাই: বৰ্ষাকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে সাংসদ সকললৈ বিশেষ সতৰ্কবাণী জাৰি কৰিছে।
সাংসদসকলে ক’ব নোৱাৰিব আৰু কেতবোৰ অসংসদীয় শব্দ। নতুনকৈ সংযোজন কৰা হৈছে কি কি শব্দ ক’ব নোৱাৰিব সংসদৰ অধিবেশন বা বিতৰ্ক চলি থাকোতে, তাৰ তালিকা প্ৰকাশ কৰিছে লোকসভা সচিবালয়ে।
সাংসদসকলে নৈৰাজ্যবাদী,শকুনি, স্বৈৰাচাৰী, বিনাশকাৰি পুৰুষ, খলিস্তানী, গদ্দাৰ, দালাল, অহংকাৰ দৰে শব্দৰ ব্যৱহাৰ কৰিব নোৱাৰিব ।
১৮ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আগে আগে এই সিদ্ধান্ত লৈছে। দুয়োখন সদনত বিতৰ্কৰ সময়ত যাতে এই সমূহ শব্দ প্ৰয়োগ নকৰে তাৰ প্ৰতি সতৰ্ক হ’বলৈ নিৰ্দেশ দিছে লোকসভা সচিবালয়ে।
যদিহে অসংসদীয় শব্দ প্ৰয়োগ কৰে তেতিয়া হলে লোকসভাৰ অধ্যক্ষ, ৰাজ্যসভাৰ চেয়াৰমেনে যিকোনো সিদ্ধান্ত ল’ব বুলি সতৰ্কবাণী জাৰি কৰিছে।