নাছাৰ জেমছ ৱেব টেলিস্কোপে এলিয়েন গ্ৰহত উদ্ধাৰ কৰিছে পানী
নিউজ ডেস্ক, ১৪ জুলাইঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা কেন্দ্ৰটোৱে এক বিবৃতিত কোৱা হৈছে যে গ্ৰহটোৰ এক ছবিও প্ৰকাশ কৰিছে।
আৱিষ্কৃত গ্ৰহটোৰ নাম দিয়া হৈছে WSP-98। ক্ষুদ্ৰপথ তাৰকাৰাজ্যখন ডব্লিউ এছ পি-৯৭ৰ সৈতে একেটা তাৰকাৰাজ্যতে অৱস্থিত। এতিয়ালৈকে নাছাই মিল্কি ৱে তাৰকাৰাজ্যত ৫ হাজাৰ গ্ৰহ বিচাৰি পাইছে।
জেমছ ৱেব টেলিস্কোপে প্ৰেৰণ কৰা তথ্য অনুসৰি গ্ৰহটোত পানীৰে ভৰা ডাৱৰ আৰু আকাশত কুঁৱলী আছে বুলি নাছাৰ এক বিবৃতিত প্ৰকাশ পাইছে। পোন প্ৰথমবাৰৰ বাবে অপাৰ্থিৱ গ্ৰহত উদ্ধাৰ হৈছে পানী।
যদিও একেখন তাৰকাৰাজ্যতে অৱস্থিত WSP-97 পৃথিৱীৰ পৰা বহু দূৰত। জেমছ ৱেব টেলিস্কোপৰ মতে এই গ্ৰহটো পৃথিৱীৰ পৰা ১১৫০ আলোকবৰ্ষ দূৰত। অৰ্থাৎ পৃথিৱীৰ পৰা অহা পোহৰৰ গতিবেগত ডব্লিউ এছ পি-৯৭ত উপনীত হ’বলৈ ১১৫০ বছৰ সময় লাগিব।
Comments are closed, but trackbacks and pingbacks are open.