নিউজ ডেস্ক, ১৪ জুলাইঃ সমীক্ষা অনুসৰি বিশ্বৰ অধিকাংশ মহিলাই অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যাত ভুগি আছে। হৰম’নৰ ভাৰসাম্যতা বিঘ্নিত হ’লে থাইৰয়ডৰ সমস্যা, একাধিক ঔষধৰ পাৰ্শ্বক্ৰিয়া, ভাগৰ, মানসিক চাপ আৰু অনিয়ন্ত্ৰিত জীৱনশৈলীৰ মূল কাৰণ। বিশেষজ্ঞসকলৰ বাবে জীৱনশৈলীৰ প্ৰত্যক্ষ প্ৰভাৱ ঋতুচক্ৰত পৰে। অস্বাস্থ্যকৰ খাদ্যাভ্যাস, টোপনিৰ অভাৱ আৰু ব্যায়ামৰ অভাৱত অনিয়মীয়া মাহেকীয়া হ’ব পাৰে। কিন্তু এই সমাধানৰ পৰা ৰক্ষা পাবলৈ পাকঘৰৰ কিছুমান উপাদানৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। পিছে সেইবোৰ কি জানো আহক?
১. পাৰ্চলিৰ পাত নিয়মিতভাৱে চালাডত বা খাদ্যৰ লগত খাব লাগে। পাৰ্চলিৰ পাতত এনে উপাদান থাকে যিয়ে ইষ্ট্ৰজেনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে।
২. পকা পেঁপাত কেৰটিন থাকে। যিটো ঋতুস্ৰাৱৰ সমস্যা সমাধানৰ বাবে অতি উপযোগী।
৩. আদাত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম আৰু ভিটামিন চি থাকে। ই অনিয়মিত ঋতুস্ৰাৱৰ সমস্যা সমাধান কৰে।
৪. নিয়মিত ডালচেনি সেৱন কৰিলে শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি পায়। ফলত ঋতুচক্ৰ স্বাভাৱিক হৈ থাকে।
৫. হলুদৰ বহুতো উপকাৰীতা আছে। ৰন্ধা-বঢ়াত পৰিমিতভাৱে হলুদ খালে ঋতুস্ৰাৱ প্ৰক্ৰিয়াত ব্যাঘাত জন্মিব নোৱাৰে।
৬. আনাৰস খালেও অনিয়মিত ঋতুস্ৰাৱৰ সমস্যাৰ পৰা মুক্তি পাব।
৭.বুটমাহৰ ৰস বা বুটমাহৰ চালাড খালেও যথেষ্ট উপকাৰ পোৱা যায়।
৮.নিয়মিতভাৱে এলোভেৰাৰ ৰস সেৱন কৰিলে হৰম’নৰ ভাৰসাম্য নিয়ন্ত্ৰণত থাকে। ঋতুস্ৰাৱৰ সমস্যাও সমাধান হয়।