Daily Time Axom

কোহলী টি-২০ দলৰ পৰা বাদ পৰিব নেকি

0 32

মাহৰ পিছত মাহ ধৰি ফৰ্ম হেৰুৱাই পেলাইছে বিৰাট কোহলীয়ে। ৭০টা আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰা ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে নিজৰ ফৰ্মলৈ ঘূৰি আহিব পৰা নাই। ইতিমধ্যে তেওঁক দলৰ পৰা বাদ দিয়াৰ দাবী উত্থাপন হৈছে।

অৱশ্যে ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ ব’ৰ্ডৰ মূৰব্বী সৌৰভ গাংগুলীয়ে বিশ্বাস কৰে যে কোহলীৰ বেটেৰেই আহিছিল বিজয়। কিন্তু সৌৰভে কোহলীক সোঁৱৰাই দিবলৈও পাহৰা নাই যে তেওঁ ফৰ্মলৈ ঘূৰি অহাৰ পথ বিচাৰিব লাগিব।
এক সাক্ষাৎকাৰত বিচিচিআইৰ সভাপতিগৰাকীয়ে কোহলীৰ ফৰ্ম সন্দৰ্ভত কয়, ‘হয়, তেওঁ কঠিন সময়ৰ মাজেৰে পাৰ হৈ আছে আৰু তেওঁ নিজকে জানে, তাৰ মানদণ্ডত ভাল চলি থকা নাই। মই ভাবো তেওঁ ঘূৰি আহি ভাল কাম কৰাটো সময়ৰ কথা মাথোঁ। কিন্তু তেওঁ সফল হ’ব লাগিব৷ যিটো তেওঁ যোৱা ১২-১৩ বছৰ বা তাতোকৈ অধিক সময় ধৰি কৰি আহিছে। সেয়া কেৱল বিৰাট কোহলীয়েহে কৰিব পাৰে। ‘ .

কিংবদন্তি কপিল দেৱে বৰ্তমানৰ ইংলেণ্ড ভ্ৰমণত ব্যৰ্থ হোৱাৰ বাবে কোহলীক টি-২০ দলৰ পৰা বাদ দিবলৈ অনুৰোধ জনায়। কিন্তু সৌৰভে ভাবে, ‘ক্রীড়াত এনে এটা সময় আহেই আৰু সকলোৰে লগত এনেকুৱা হৈছে। শচীন টেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড়, মোৰ আৰু নিজৰো বেয়া সময় আহিছিল, কোহলীৰ বাবেও একেই। ভৱিষ্যত খেলুৱৈসকলেও ইয়াৰ সন্মুখীন হ’ব লাগিব। ই খেলৰ এক অবিচ্ছেদ্য অংশ। মই ভাবো এজন খেলুৱৈ হিচাপে আপুনি মাত্ৰ শুনিব লাগিব, কি হৈ আছে তাৰ প্ৰতি সচেতন হ’ব লাগিব আৰু নিজৰ খেল খেলিব লাগিব। ‘ .

Leave A Reply

Your email address will not be published.