শ্ৰীলংকাত এতিয়া ভাইৰেল হৈছে এখন বিশেষ ফটো
চৰকাৰ বিৰোধী আন্দোলনত অস্থিৰ হৈ পৰিছে শ্ৰীলংকা। দেশৰ অৰ্থনৈতিক অৱস্থা এতিয়া বহু তলত। সমগ্ৰ দ্বীপ দেশখনত চলি আছে জৰুৰীকালীন অৱস্থা। আৰ্থিক সংকটে এনে পৰ্যায় পাইছেগৈ যে সাধাৰণ ৰাইজে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে। ঠায়ে ঠায়ে জ্বলাইছে চৰকাৰী প্ৰতিনিধিৰ প্ৰতিমূৰ্তি। দৈনন্দিন প্ৰয়োজনৰ বাবে নূন্যতম খাদ্য, ঔষধ, ইন্ধন যোগান ধৰিবলৈ সংগ্ৰাম কৰি আছে দেশবাসী। প্ৰতিবাদকাৰীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছা আৰু প্ৰধানমন্ত্ৰী ৰাণীল উইক্ৰেমসিংহৰ প্ৰাসাদ দখল কৰে। চাৰিওফালে মাত্ৰ হুমুনিয়াহ কাঢ়ি থকা! আৰু তাৰ মাজতে জিলিকি উঠিল প্ৰেমৰ এখন ছবি!
সমগ্ৰ দেশতে এনে প্ৰতিবাদৰ মাজতে ইণ্টাৰনেটত ভাইৰেল হৈছে এহাল দম্পতীৰ চুমা খোৱাৰ দৃশ্য। ভাইৰেল ফটোখনত দেখা গৈছে যে পিছফালে প্ৰতিবাদকাৰীৰ ভিৰ আৰু মাজত এহাল দম্পতীয়ে মুকলিকৈ ইজনে সিজনৰ ওঁঠত চুমা খাই আছে। ইমান হিংসা, ইমান খং, ইমান কাজিয়া আৰু কেতিয়াবা এই ছবিখনে আৰু কিবা এটা কৈ আছে। কিন্তু এই ছবিখন তুলি দম্পতীহালে প্ৰকৃততে কি বাৰ্তা দিবলৈ চেষ্টা কৰিছে সেয়া স্পষ্ট নহয়। অৱশ্যে একাংশ লোকে কয়, চাৰিওফালে কি চলি আছে, এই দম্পতীৰ কিবা ধাৰণা আছেনে?