৭ দিনৰ ভিতৰত হ’ব নতুন ৰাষ্ট্ৰপতি: শ্ৰীলংকাৰ অধ্যক্ষ
শ্ৰীলংকাৰ অধ্যক্ষ মহিন্দা য়াপা আবেৱাৰ্ডেনে কয় যে ৰাষ্ট্ৰপতি মহিন্দা ৰাজাপাক্ষৰ পদত্যাগ গ্ৰহণ কৰা হৈছে। শুকুৰবাৰে (১৫ জুলাই) এক আনুষ্ঠানিক ঘোষণাত তেওঁ এই কথা কয়। এনে অৱস্থাত অহা ৭ দিনৰ ভিতৰত নতুন সভাপতি নিৰ্বাচিত হ’ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে।
যোৱা কেইসপ্তাহমানৰ নাটকৰ মাজতে বৃহস্পতিবাৰে (১৪ জুলাই) ছিংগাপুৰৰ পৰা ইমেইলযোগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি বাতৰি প্ৰকাশ পাইছে।
শুকুৰবাৰে পুৱা শ্ৰীলংকাৰ স্থানীয় সময় অনুসৰি অধ্যক্ষ আবেইৱাৰ্ডনে কয় যে নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত নোহোৱালৈকে প্ৰধানমন্ত্ৰী ৰানিল উইক্ৰেমেসিংহে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব। পৰৱৰ্তী ৭ দিনৰ ভিতৰত বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। লংকাৰ জনসাধাৰণক শান্তিপূৰ্ণ পৰিবেশ গঢ়ি তুলিবলৈ আহ্বান জনায়। যাতে বিধায়কসকলে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে। অহা শনিবাৰে (১৬ জুলাই) দেশৰ সংসদত এখন বৈঠক অনুষ্ঠিত হ’ব।
বৃহস্পতিবাৰে মালদ্বীপৰ পৰা ছৌদি আৰৱৰ বিমানেৰে ছিংগাপুৰলৈ উৰা মাৰিছিল গোটাবায়া ৰাজাপাকছে। ইয়াৰ পূৰ্বে তেওঁ নিশাৰ আন্ধাৰত এখন সামৰিক বিমানেৰে দেশ এৰি পলায়ন কৰি বুধবাৰে (১৩ জুলাই) পুৱাৰ ভাগত মালদ্বীপলৈ পাৰ হয়। অৱশ্যে মালদ্বীপতো তেওঁ প্ৰতিবাদৰ সন্মুখীন হৈছিল। , ছিংগাপুৰ চৰকাৰে নিশ্চিত কৰিছে যে গোটাবায়া ব্যক্তিগত ভ্ৰমণলৈ গৈছিল আৰু ৰাজনৈতিক আশ্ৰয় লোৱা নাছিল।
যোৱা কেইটামান দশকত শ্ৰীলংকাত তীব্ৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। ঔষধ, খাদ্য, ইন্ধনৰ নাটনিত ভুগিছে দেশবাসী। লংকাৰ জনসাধাৰণে প্ৰতিবাদ কৰি সমগ্ৰ দেশতে গুৰুতৰভাৱে অপব্যৱস্থা চলোৱাৰ বাবে ৰাষ্ট্ৰপতি গোটাবায়াৰ চৰকাৰক পদত্যাগ কৰিবলৈ দাবী জনায়। ৰাষ্ট্ৰপতি গৃহ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়কে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ চৰকাৰী ভৱনত সাধাৰণ লোকে দাঙ্গা কৰা দেখা গ’ল।