নিউজ ডেস্ক, ১৬ জুলাইঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী পুনৰীক্ষণত ৰাজ্যৰ ভিতৰতে ষষ্ঠস্থান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰাৰ্থনা দত্ত। ষষ্ঠস্থান প্ৰাপ্ত প্ৰাৰ্থনা দত্ত শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী । একেখন বিদ্যালয়ৰে পৰা উচ্চতৰ মাধ্যমিকত দশম স্থান লাভ কৰিছিল দেবীস্তুতি হাজৰিকা নামৰ ছাত্ৰীগৰাকীয়েও ।
সাধাৰণ বিজ্ঞানত মাত্ৰ ৬৭ নম্বৰ পোৱা বাবেই স্থান লাভৰ পৰা বঞ্চিত হৈছিল ছাত্ৰীগৰাকী । দৃঢ়মনা মেধাবী ছাত্ৰীগৰাকীয়ে আত্মবিশ্বাসেৰে বহী পুনৰীক্ষণৰ সিদ্ধান্ত লৈছিল ।
অৱশেষত সাধাৰণ বিজ্ঞানত ৯৯ নম্বৰ লাভৰ পাছতেই ৰাজ্যৰ ভিতৰতে ষষ্ঠস্থান লাভ কৰা বুলি ঘোষণা ছেবাৰ ।
মেধাবী ছাত্ৰী প্ৰাৰ্থনা দত্ত শলগুৰি অঞ্চলৰ প্ৰয়াত তিলক দত্ত আৰু জুৰি শইকীয়া দত্তৰ একমাত্ৰ কন্যা । ছাত্ৰীগৰাকীৰ ফলাফলত পৰিয়াল তথা অধ্যয়ন কৰা বিদ্যালয়খনত আনন্দৰ জোৱাৰ উঠিছে ।
একে সময়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে এক গুৰুত্বপূৰ্ণ পৰীক্ষাত এনে ধৰণৰ দায়িত্বজ্ঞানহীন কাণ্ডই ছেবাৰ ফোপোলাস্বৰূপ উন্মোচন কৰা বুলি স্থানীয় ৰাইজৰ মাজত সৰ্বত্ৰে চৰ্চা চলিছে ।