Daily Time Axom

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণাচলক ২৮খন গাঁও এৰি কৰিলে সীমান্তৰ সমস্যা সমাধান

20

নিউজ ডেস্ক, ১৬ জুলাইঃ মেঘালয়ৰ পিছত এইবাৰ অৰুণাচল প্ৰদেশ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই আন এখন চুবুৰীয়া ৰাজ্যৰ সৈতে হোৱা সীমা বিবাদ নিষ্পত্তিৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে। ইয়াৰ বাবে শনিবাৰে তেওঁ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰে।

চুক্তি স্বাক্ষৰ কৰাৰ পাছত দুয়োখন ৰাজ্যই জনোৱা মতে, প্ৰথম অৱস্থাত ১২৩খন গাঁৱৰ স্থানক লৈ বিবাদ হৈছিল, কিন্তু আলোচনাৰ ভিত্তিত ৮৬খনলৈ হ্ৰাস কৰাটো সম্ভৱ হৈ উঠিছিল। ৩৭খন গাঁৱৰ বিবাদ নিষ্পত্তি হৈছে। অসমে ২৮খন গাঁও অৰুণাচললৈ এৰি দিবলৈ সন্মত হৈছে। ইয়াৰ বিনিময়ত অৰুণাচলে ৩ খন গাঁৱৰ অৱস্থান অসমৰ ভৌগোলিক সীমাৰ ভিতৰত থকা বুলি মানি লৈছিল। বাকী ৬খন গাঁও অসমৰ ভৌগোলিক সীমাৰ ভিতৰত নাই ৷

বাকী থকা গাঁওসমূহৰ ‘মালিকীস্বত্ব’ক লৈ সৃষ্টি হোৱা বিবাদো অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত সমাধান হ’ব বুলি জানিবলৈ দিয়ে উত্তৰ-পূব ভাৰতৰ বিজেপি শাসিত ৰাজ্য দুখনৰ মুখ্যমন্ত্রীসকলে ৷ ২৪ জানুৱাৰী আৰু ২০ এপ্ৰিলত সীমান্ত বিষয়ক লৈ হিমন্ত-খাণ্ডুৰ দুমুখীয়া বৈঠক অনুষ্ঠিত হয়। ৰাজ্য দুখনৰ সীমান্ত অঞ্চলৰ ঐতিহাসিক পটভূমি, নৃতাত্ত্বিক গঠন, স্থানীয় জনসাধাৰণৰ মতামত আৰু ২০০৭ চনত স্থানীয় আয়োগৰ সন্মুখত উত্থাপন কৰা সীমা অভিযোগসমূহ পৰীক্ষা কৰাৰ সিদ্ধান্ত লোৱা হয়।

যোৱা বছৰৰ জুলাই মাহত সীমা বিবাদক লৈ অসম আৰু মিজোৰামৰ আৰক্ষী বাহিনীৰ মাজত বন্দুকৰ যুদ্ধ হৈছিল। অসমৰ কাছাৰ জিলাৰ ইনাৰ লাইন সংৰক্ষিত বনাঞ্চলত দুখন ৰাজ্যৰ আৰক্ষীৰ মাজত সংঘটিত গুলীচালনাত নিহত হৈছিল অসমৰ ৭ জন আৰক্ষী। ইয়াৰ পিছতে অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ মাজত সীমা বিবাদ নিষ্পত্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। যোৱা মাৰ্চ মাহত শ্বাহৰ উপস্থিতিত হিমন্ত আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সীমা বিবাদ নিষ্পত্তিৰ বাবে চুক্তি স্বাক্ষৰ কৰিছিল।

Comments are closed, but trackbacks and pingbacks are open.