মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড, নিহত এজন

নিউজ ডেস্ক, ১৬ জুলাইঃ মহানগৰীৰ ভঙাগড়ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। কেইবাটাও চিলিণ্ডাৰৰ বিষ্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। ভঙাগড়ৰ টিভি টাৱাৰৰ সমীপত এই অগ্নিকাণ্ড সংঘটিত হয়।

ভঙাগড়ৰ উদয়াচল পথত এই বিষ্ফোৰণ হয়। ইয়াৰপিছতেই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয়।ইয়াৰপিছত অগ্নিনিৰ্বাপক বাহিনীৰ দ্বাৰা জুই নিৰ্বাপনৰ চেষ্টা কৰে।

তিনিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে এই অগ্নিকাণ্ডৰ ফলত। লগতে এই অগ্নিকাণ্ডৰ ফলত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয় এগৰাকী লোকে। বৰ্তমানলৈ মৃত্যু মুখত পৰা লোকগৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাই।

Assamcylinder blastDaily time axomDeathfireGuwahatiIndia