নিউজ ডেস্ক,১৬ জুলাই: সমগ্ৰ বিশ্বতে পুনৰ বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। কেইমাহমান আগলৈকে পৰিস্থিতি নিয়ন্ত্ৰণত আছিল। ইয়াৰ মাজতে পুনৰ বৃদ্ধি পাইছে আক্ৰান্ত আৰু মৃত লোকৰ সংখ্যা।
পৰিস্থিতিৰ বিচাৰ কৰি বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী জাৰি কৰি কয় যে কৰ’নাৰ আন এক নতুন ঢৌ আহি আছে। গতিকে আমি সকলোৱে সাৱধান হোৱা উচিত। বিশ্ব স্বাস্থ্য সংস্থাৰ শীৰ্ষ বিজ্ঞানী সৌম্য স্বামীনাথনে কয়, ‘ক’ৰোনাৰ আন এক নতুন ঢৌৰ বাবে আমি সাজু হোৱা উচিত। যিবোৰ নতুন ভেৰিয়েণ্ট ওলাই আহিছে, সকলোবোৰ বেলেগ বেলেগ ৰূপৰ, সেইবোৰ দ্ৰুতগতিত বিয়পি পৰিছে।
অধিক ৰোগী বৃদ্ধি হোৱাৰ লগে লগে চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাব। গতিকে প্ৰতিখন দেশেই কৰ’নাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হ’ব লাগিব।