নিউজ ডেস্ক, ১৬ জুলাইঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হেমন্ত গুপ্তা আৰু বিক্ৰম নাথৰ বিচাৰপীঠে কয় যে যদি কোনো মহিলাই স্বেচ্ছাই পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, তেন্তে সম্পৰ্ক ভাঙি গ’লে মহিলাগৰাকীয়ে ধৰ্ষণৰ অভিযোগ দাখিল কৰিব নোৱাৰে।
ৰাজস্থানৰ এজন যুৱকৰ বিৰুদ্ধে ধৰ্ষণ আৰু ষড়যন্ত্ৰকে ধৰি একাধিক অভিযোগত গোচৰ তৰিছে এগৰাকী মহিলাই। মহিলা গৰাকীয়ে অভিযোগ কৰা মতে, চাৰি বছৰ পূৰ্বে ২১ বছৰ বয়সত তেওঁ লোকজনৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল। এজনী ছোৱালীও আছে। ১৯ মে’ত ৰাজস্থান উচ্চ ন্যায়ালয়ত প্রত্যাশিত জামিনৰ বাবে আৱেদন কৰিছিল অভিযুক্তই ৷ কিন্তু ৰাজস্থান উচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে। ইয়াৰ পিছতে ব্যক্তিজনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।
‘বাৰ এণ্ড বেঞ্চ’ৰ বাতৰি অনুসৰি দুজন ন্যায়াধীশে কয় যে অভিযোগকাৰীয়ে স্বেচ্ছাই অভিযুক্তৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল। গতিকে এতিয়া যেতিয়া সম্পৰ্কটো ভাঙি যায়, তেতিয়া সেই সম্পৰ্কটো ধাৰা ৩৭৬(২)(n)ৰ অধীনত এফআইআৰ দাখিল কৰাৰ ভিত্তি হ’ব নোৱাৰে। উচ্চতম ন্যায়ালয়েও এই সন্দৰ্ভত অভিযুক্তক জামিন প্ৰদান কৰিছে। অৱশ্যে আদালতে লগতে কয় যে এই নিৰ্দেশনা কেৱল আগতীয়া জামিন বিষয়তহে প্ৰযোজ্য। বাকী তদন্ত নিজস্ব ধৰণে অব্যাহত থাকিব বুলিও ন্যায়াধীশসকলে জানিবলৈ দিয়ে।