ললিতৰ প্ৰেমত বিশ্ব সুন্দৰী! প্ৰেমিকৰ এই ঘোষণাৰ পিছতে মৌনতা ভংগ কৰিলে সুস্মিতাই

নিউজ ডেস্ক,১৬ জুলাই: ললিত মোদীৰ সৈতে সুস্মিতা সেনৰ ৰোমাঞ্চৰ পিছতেই বি-টাউনত হুলস্থুল। আই পি এলৰ প্ৰাক্তন বছগৰাকীয়ে গৌৰৱেৰে ঘোষণা কৰে প্ৰাক্তন মিছ ৱৰ্ল্ডৰ সৈতে তেওঁৰ সম্পৰ্ক। এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীৰ পিতৃ আৰু ভাতৃৰ প্ৰতিক্ৰিয়া সেন পৰিয়ালৰ পৰা লাভ কৰিছিল যদিও সুস্মিতা মৌনতা অৱলম্বন কৰিছিল। অৱশেষত মৌনতা ভংগ কৰিলে সুস্মিতাই।

দুই কন্যা ৰেনে আৰু আলিছাৰ সৈতে এখন ছবি পোষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘মই সুখী। বিয়া নাই, আঙঠি নাই, নিস্বাৰ্থ মৰমে মোক আগুৰি আছে। বহু উত্তৰ দিয়া হৈছে। এইবাৰ কামত মনোনিৱেশ কৰা উচিত।

১৪ জুলাইৰ নিশাৰ পৰা চলি আহিছে ললিত-সুস্মিতাৰ প্ৰেমৰ চৰ্চা। সুস্মিতা সেনৰ সৈতে এখন এটাকৈ ছবি। কান্ধত মূৰ থৈ চিৰ ধুনীয়া। কেতিয়াবা আকৌ বাখস্লগ্ন। কেৱল ছবিখনেই নহয়, ইজনে সিজনৰ লগত যে প্ৰেমত পৰিছে সেয়াও স্পষ্ট হৈ পৰিছে ললিতৰ টুইটত।

ললিতে ঘোষণা কৰিলে ‘নতুন জীৱন’ৰ আৰম্ভণি। তেওঁ লিখিছে, ‘মই পৰিয়ালৰ সৈতে মালদ্বীপ আৰু ছাৰ্ডিনিয়ালৈ গৈ লণ্ডনলৈ আহিলোঁ৷ অৱশেষত নতুন জীৱনৰ আৰম্ভণি। হেভিং এ গ্ৰেট টাইম।’ভৱিষ্যতে ললিত-সুস্মিতাৰ প্ৰেমৰ চকা কোন দিশত ঘূৰিব সেয়া সময়েহে ক’ব।

bollywoodDaily time axomEntertainmentIndiaLalit ModiSusmita Sen