Daily Time Axom

জামুগুৰিহাটৰ সমিপৰ মধ্য নাগশংকৰ গাঁও পঞ্চায়তত মূখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে অমৃত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন

0 89

চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ সমীপৰ মধ্য নাগশংকৰ গাঁও পঞ্চায়ত কাৰ্য্যালয়ৰ চৌহদত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত অমৃত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে । শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ “সেউজী সেউজী সেউজী অ’ সেউজী ধৰণী ধুনীয়া” এই বানীক উদ্দেশ্য কৰি আজি নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱাই কয় যে – “গছ থাকিলেহে মানুহ থাকিব । গতিকে আজিৰ পৰাই সকলোৱে নিজৰ নিজৰ ঘৰত এজোপাকৈ গছপুলি ৰোপন কৰি ইয়াক নিজ সন্তানৰ দৰেই প্ৰতিপাল কৰাতো আমাৰ দ্বায়িত্ব ।” আজি পঞ্চায়তৰ কাৰ্য্যালয়ৰ চাৰিও সীমাতে ৭৫ জোপা উন্নত প্ৰজাতিৰ গছ পুলি ৰোপন কৰে নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱা, মধ্য নাগশংকৰ গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ নাথ, ৱাৰ্ডৰ সদস্য-সদস্যা সকলৰ লগতে অঞ্চলবাসী ৰাইজে ।

Leave A Reply

Your email address will not be published.