নিউজ ডেস্ক, ২১ জুলাইঃ ৰাহুল গান্ধীৰ পাছত আজি EDৰ জেৰাৰ সন্মুখীন হৈছিল ছোনিয়া গান্ধী। দিনৰ ১১.৪৫ বজাত দিল্লীস্থিত EDৰ কাৰ্যালয়ত কংগ্ৰেছ অধ্যক্ষাগৰাকী উপস্থিত হয়।
নেশ্যনেল হেৰাল্ড গোচৰত EDএ জেৰা কৰিছিল ছোনিয়া গান্ধীক। ইয়াৰপিছতেই জেৰাৰ বিৰোধিতাৰে দেশজুৰি কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী চলায়।
ছোনীয়া গান্ধীক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে চমন জাৰি কৰাৰ বিৰুদ্ধে দেশজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। দিল্লীৰ সংসদ ভৱনৰ সন্মুখৰ লগতে অসমতো ৰাজীৱ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছে।
যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ নেতৃত্বত ছোনীয়া গান্ধীক ইডিয়ে চমন জাৰি কৰাৰ বিৰোধিতা কৰি প্ৰতিবাদত উত্তাল কৰি তোলে প্ৰদেশ কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে। সেই সময়ত প্ৰতিবাদত বাধা দিবলৈ চেষ্টা কৰা নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে ৰাজপথত শুই ক্ষোভ প্ৰদৰ্শন কৰে অংকিতা দত্তই।