Daily Time Axom

এগৰাকী ৰোগীলৈ উন্নত চিকিৎসাৰ বাবে সহায়ৰ হাত

0 26

বৰ্তমান সময়ত আমাৰ সমাজত বাঃ বাঃ লোৱাৰ পৰা বিৰত থাকি নিঃস্বাৰ্থ বাবে দুখীয়া ৰাইজৰ কাষত থিয় দিয়া ব্যক্তিজনেই হৈছে ছোহেইল আহমেদ।

চাৰিং পথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ কমলা বেগম নামৰ মহিলা এগৰাকী যোৱা ২বছৰৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছিল।

উন্নত চিকিৎসাৰ বাবে মহিলা গৰাকীৰ হাতত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ অভাৱ আছিল।

আজি সেই মহিলা গৰাকীক মোৰাজাৰ প্ৰগতিশীল যুৱ মঞ্চ তথা মোৰাজাৰ ক্ৰীড়া সন্থাৰ সভাপতি ছোহেইল আহমেদ নেতৃত্বতএককালীন ৫০হেজাৰ নগদ টকাৰ সাহায্য আগবঢ়োৱাৰ লগতে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।ছোহেইল আহমেদৰ তৰফৰ পৰা আগবঢ়োৱা এই সহায়ৰ বাবে পৰিয়ালৰ লোক তথা সচেতনমহলে তেখেতক ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.