মাৰ্ঘেৰিটাত টাই ভাষা, পাঠদান কর্মশালা আৰু সাংস্কৃতিক সমাৰোহৰ সফল সামৰণি
:ডামচাও গিৰিণ মহুং বৰুৱা সোঁৱৰণত অনুষ্ঠিত কৰা টাই ভাষাৰ পাঠদান কর্মশালা ও সাংস্কৃতিক সমাৰোহৰ আজি সামৰণি পৰে।এই পাঠদান, কর্মশালা আৰু সাংস্কৃতিক সমাৰোহখনি ১ জুলাইত শুভাৰম্ভ কৰা হৈছিল। মাৰ্ঘেৰিটাৰ টাউন হাই স্কুলত এমাহযোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই টাই ভাষাৰ পাঠদান, কর্মশালা আৰু সাংস্কৃতিক সমাৰোহৰ শুভ উদ্ধোধন কৰিছিল মাৰ্ঘেৰিটা মহকুমাধিপতি মানচাও পলাশ ৰাজকুমাৰ আহোমে।আজি পুৱা মাৰ্ঘেৰিটা স্থিত স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ পূর্ণাংগ প্রতিমূর্তিত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।সামৰণি অনুষ্ঠানৰ মুকলি সভাত টাই আহোমৰ বিশিষ্ট পণ্ডিত, শুভাকাঙ্খী সকলক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত টাই আহোমৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সামৰণিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি টাই আহোমৰ এক সাংস্কৃিতিক সমাৰোহৰো আয়োজন কৰা হয়। সাংস্কৃতিক সমাৰোহত টাই আহোমৰ কলা সংস্কৃতি প্ৰতিফলিত কৰা হয়।
মাৰ্ঘেৰিটা পৰা প্ৰতিক ছেত্ৰীৰ ৰিপৰ্ট