নিউজ ডেস্ক, ১২ আগষ্ট: এগৰাকী ৮ বছৰীয়া কন্যা শিশুক ৩০ বছৰীয়া এটা লম্পটে যৌন নিৰ্যাতন চলোৱা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে জামুগুৰিহাটত ৷ জামুগুৰিহাটৰ ননকে গটাইমাৰীৰ ছাহিদুল ইছলাম নামৰ যুৱকজনে ৮ বছৰীয়া কন্যা শিশুটিক ঘৰৰ ওচৰৰে এখন দোকানলৈ আহি থকা অৱস্থাতে পথৰ কাষৰ হাবিলৈ নি অপকৰ্মত লিপ্ত হয় ৷ শিশুটিয়ে যুৱকজনৰ এই দুস্কাৰ্যত চিঞৰ-বাখৰ কৰাত যুৱকজন পলাই যাবলৈ সক্ষম হয় ৷ ইয়াৰপিছতেই শিশুটিয়ে ঘৰলৈ আহি সমগ্ৰ ঘটনা পৰিয়ালক বিৱৰি কোৱাত শিশুটিৰ পিতৃয়ে জামুগুৰি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷ সম্প্ৰতি অভিযুক্ত ছাইদুল ইছলাম পলাতক বুলি জানিব পৰা গৈছে । ইফালে লম্পট চাহিদুলৰ শাস্তিৰ দাবী কৰিছে পৰিয়ৰলৰ লগতে স্হানীয় ৰাইজে ৷
Comments are closed, but trackbacks and pingbacks are open.