আজাদি কা অমৃত মহোৎসৱৰ উপলক্ষে ৰঙিয়াৰ ৰাজপথত হৰ ঘৰ কি ত্ৰিৰঙ্গা কাৰ্যসূচী

নিউজ ডেস্ক, ১২ আগষ্ট: ভাৰতীয় ষ্টেট বেংক ৰঙিয়া শাখাৰ সজাতি দলে ৰঙিয়াৰ ৰাজপথত উলিয়ালে হৰ ঘৰ কি ত্ৰিৰঙ্গা কাৰ্যসূচীৰ শোভাযাত্ৰা। স্বাধীনতাৰ ৭৫ বছৰ পিছত এইবাৰ দেশে পালন কৰিব আজাদি কা অমৃত মহোৎসৱ।চৰকাৰী নিৰ্দেশনাক ব্যাপক সহাৰি জনায়ছে ৰঙিয়াবাসীয়ে।

সমগ্ৰ দেশৰ লগতে ৰঙিয়া মহকুমাতো দেখা গল হৰ ঘৰ তিৰংগা কাৰ্য্যসূচীৰ বিষেশ উছাহ উদ্দীপনা। ইয়াৰ লগত সংগতি ৰাখি ভাৰতীয় ষ্টেট বেংক ৰঙিয়া শাখাই উলিয়াই এক পদযাত্ৰা ।

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ হৰ ঘৰ তিৰংগা কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি কেইবাশতাধিক বেংক কৰ্মচাৰীয়ে অংশ লয় এই পদযাত্ৰাত । চৰকাৰী নিৰ্দেশ অনুসৰি আগন্তুক স্বাধীনতা দিৱসত হৰ ঘৰ তিৰংগা কাৰ্য্যসূচীৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় এই বিশাল পদযাত্ৰা ।

AssamAzadiKaAmritMahotsavDaily time axomIndiarallyRangia