বৈদ্যুতিক আলোকসজ্জাৰে আলোকিত বৰক্ষেত্ৰীৰ এখন বিদ্যালয়

নিউজ ডেস্ক, ১৩ আগষ্ট: বৰক্ষেত্ৰীৰ জয়সাগৰৰ শংকৰ মাধৱ হাইস্কুলত প্ৰভাত ফেৰী অনুষ্ঠান সম্পন্ন কৰা হৈছে।নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অন্তৰ্গত জয়সাগৰস্থিত শংকৰ মাধৱ হাইস্কুলত আজি পুৱা দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰভাত ফেৰী কাৰ্যসূচী অনুষ্ঠিত হয়। শংকৰ মাধৱ হাইস্কুলৰ প্ৰধান শিক্ষক কৃষ্ণকান্ত মহন্ত আৰু বিদ্যালয়খনৰে পৰিচালনা সমিতিৰ সভাপতি গুনেন্দ্ৰ ৰায় চৌধুৰী প্ৰমুখ্যে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত আয়োজিত এই কাৰ্যসূচীত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে দেশ প্ৰেমমূলক বন্দনাৰে হাতে-হাতে ত্ৰিৰংগা লৈ প্ৰায় দুই কিলোমিটাৰ পদযাত্ৰা কৰে।

ইয়াৰ পিছতে আয়োজন কৰা হয় দেশপ্ৰেমমূলক নৃত্য-গীত, কুইজ আৰু চিত্ৰাংকণ প্ৰতিযোগিতা। সভাত দেশ মাতৃৰ হৈ প্ৰাণ আহুতি দিয়া বীৰ- বিৰাংগণা সকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। আনহাতে, যোৱা নিশাও বিদ্যালখনৰ চৌহদত শিক্ষক-শিক্ষয়িত্ৰীসলে চাকি-বন্তি জ্বলাই আৰু ৰং-বিৰঙৰ বৈদ্যুতিক আলোকসজ্জাৰে দেশমাতৃৰ হকে প্রাণ আহুতি দিয়া বীৰ-বীৰাংগনাসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

AssamAssam Newsdailytimeaxom