Daily Time Axom

বৰপেটাৰ বৰভিটা গাঁৱত ভয়াবহ অগ্নিকাণ্ড

18

নিউজ ডেস্ক, ১৩ আগষ্ট : বৰপেটা জিলাৰ বৰভিটা গাঁৱত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই অগ্নিকাণ্ডত চাৰিটা ঘৰ ভষ্মিভূত হোৱাৰ লগতে আহত হৈছে দুজন।

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিটা গাঁৱৰ বৰকাতুল্লা, আশ্ৰফ আলী, ময়নুল হক, মোনোৱাৰ হুছেইন, জাকিৰ হুছেইনৰ ৪টাকৈ ঘৰ বিদ্যুৎৰ চৰ্ট চাৰ্কিটৰ ফলত সম্পূৰ্ণৰূপে ভষ্মীভূত হয়। লগতে নগদ ৩ লাখ টকা, ছাগলী, ধান, মাকৈ, বিভিন্ন ধৰণৰ নথি-পত্ৰ জুইত জাহ যায়। এই অগ্নিকাণ্ডত প্ৰায় ১৫ লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। আনহাতে চুবুৰীয়া আনোৱাৰা হুছেইন নামৰ আৰক্ষীজনৰ ঘৰটোও আংশিক ভাবে ক্ষতি হয়।

অতিকৈ দুখৰ বিষয় যে এটি ৩ মহীয়া শিশুৰ পিতৃ-মাতৃ আশ্ৰফ আলী আৰু জাহানাৰা খাতুন নামৰ লোক দুজনৰে গাত জুই লাগি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বৰ্তমান বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেলত চিকিৎসাধীন হৈ আছে। চিকিৎসকে আশ্ৰফ আলীক সংকটমুক্ত বুলি কয় যদিও জাহানাৰা খাতুন এতিয়াও সংকটমুক্ত হোৱা নাই। সেয়েহে চৰকাৰৰ ওচৰত ভূক্তভোগীয়ে ক্ষতিপূৰণৰ বাবে আহ্বান জনায়।

Comments are closed, but trackbacks and pingbacks are open.