নিউজ ডেস্ক, ১৩আগষ্ট: নগাঁও আঞ্চলিক হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ প্ৰচেষ্টাত “প্ৰভাত ফেৰী” কাৰ্য্যসূচীৰ সফল ৰূপায়ণে অঞ্চলটোত এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে।
ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেশে আয়োজন কৰা “আজাদি কী অমৃত মহোৎসৱ” ৰ কাৰ্য্যসূচীৰ অংশ হিচাপে পালন কৰা “প্ৰভাত ফেৰী”ত বিদ্যালয়খনৰ সমূহ শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি বৃহত্তৰ অঞ্চলটোতে স্বাধীনতা দিৱস আয়োজনৰ এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
দৰঙৰ আগশাৰীৰ শিক্ষানুষ্ঠান তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাত একাধিকবাৰ স্হান লাভ কৰা বিদ্যালয় নগাঁও আঞ্চলিক হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী সকলে এক মাৰ্জিত তথা উৎকৃষ্ট শোভাযাত্ৰা উলিয়াই অঞ্চলবাসী ৰাইজক আপ্লুত কৰে। এই ক্ষেত্ৰত বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় ত্ৰৈলোক্য বৰুৱা আৰু শিক্ষাগুৰুবৃন্দৰ প্ৰচেষ্টা প্ৰসংশনীয়।