নিউজ ডেস্ক, ১৪ আগষ্ট: আজাদী কা অমৃত মহোৎসৱ উপলক্ষে বিজনীত ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চা আৰু বিজনী ৰাজহ চক্ৰৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতামূলক বাইক সমদল উলিওৱা হয়।
স্বাধীনতাৰ ৭৫ বৰ্ষ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে সজাগতামুলক এই বাইক সমদল উলিওৱা হয়। উক্ত সমদলটো শুভ উদ্ধোধন কৰে বিটিচি পাৰিষদ প্ৰদীপ কুমাৰ বয়ন, সুভাইঝাৰ সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰীয়ে। চিৰাং জিলা বিজেপি কাৰ্যলয়ৰ পৰা আৰম্ভ হোৱা সমদলটোৱে বিজনী চহৰ পৰিভ্ৰমণ কৰি পুনৰ জিলা কাৰ্যালয়ত সামৰণি মাৰে। উক্ত কাৰ্যসূচীত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিচিৰ পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, সুবাইঝাৰ সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰী উপস্থিত থাকে।
আনফালে বিজনী ৰাজহ চক্ৰৰ উদ্যোগত এক বিশাল বাইক সমদল উলিয়ায়। এই সমদল উলিয়াই বিজনী ৰাজহ চক্ৰ বিষয়া মাৰিয়া তানিম, সহকাৰী চক্ৰ বিষয়া ইলা বানিয়া, বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়ে ।
Comments are closed, but trackbacks and pingbacks are open.